চিন্তাৰ আঁক-বাঁক

বিমল বৰা

বিমল বৰা,গুৱাহাটী:

এপ্ৰিল।এপ্ৰিল, সদায়ে আহিছিল এটা সপোনৰ মাহ হৈ। বহু অপেক্ষিত বহাগ আৰু কিছু নতুনত্বৰ সপোন।
পিছে এইবাৰৰ এপ্ৰিল যেন হৈ ৰওক এটি দুঃস্বপ্ন। দেশজুৰি লকডাউনেৰে আৰম্ভ লকডাউনতে শেষ। ঘৰ সাৰোতে আগলৈ আৰু ঘৰ মচোতে পাছলৈ যে যায় লকডাউনৰ সময়চোৱাতহে লক্ষ্য কৰিলো। মুকলি আকাশ, আবেলি বিনোদন আদি ধুনীয়া শব্দবোৰ যেন গল্প কবিতাৰ পৰা বাস্তৱলৈ ওলাই আহিল। আৰক্ষীৰ টিকাকৰণ ব্যৱস্থা পূৰ্ণোদ্যমে চলি থাকিল। চাধা গুটকা খাই কেঞ্চাৰলৈ ভয় নকৰা লোকসকলক আৰক্ষীয়ে ঘৰত থাকিবলৈ বাধ্য নকৰিলে আৰু কোনে কৰাব। আৰু আমাৰ ৰাইজেও অযুহাতবোৰৰ অভিলেখ নগঢ়াকৈ আছেনে।

Aprilচিকিৎসাকৰ্মী সকলৰ দিবা-নিশি কষ্টই ৰাইজক যেন হাঁহি থকাৰ সুযোগ দি আছে। আমাৰ পাপন্‌ দাদাই মাজে মাজে গণসংযোগ মাধ্যমৰ জৰিয়তে যিমান পাৰি ৰাইজৰ সাহসহৈ থিয় দিলে। আজৰি সময় বিচাৰি ফুৰা মানুহবোৰেও কিন্তু জীৱনৰ এই স্থৱিৰতাক সহজে ল'ব নোৱাৰিলে। লাহে লাহে মোৰ দৰে বহুতেই বুজি উঠিল যে পত্নীয়ে ইমান দিনে দি অহা ঘৰখনৰ খৰচৰ হিচাপটোত বিশেষ নিৰীক্ষণৰ প্ৰয়োজন আছে। ৰঙালী এইবাৰ উকা। পিছে লকডাউনত জমা হোৱা ফাইন আৰু আৰোগ্য নিধিৰ ধনৰাশি সঁচাই আকৰ্ষণীয় আৰু ৰাইজ ইয়াৰ বাবে শলাগৰ পাত্ৰ।
বলিউড বাইদেও বা টিকটিকি নাচনীয়ে যেনেকৈয়ে নহওক ভাল ব্যৱসায় কৰি থৈ গ'ল। আজৰি সময় যিহেতু আছেই ট্ৰল নকৰাকৈ আমাৰো ভাল নালাগিল।  চাকৰিয়াল সকলৰ পত্নীয়েও উপলব্ধি কৰিব পাৰিলে যে পূৱা ওলাই গৈ সন্ধ্যা ঘুৰি অহা স্বামীয়েই ঠিক আছে।
আমাৰ এই হিন্দু মুছলমান কৰি থকা সকলেও মনৰ পৰিসৰ অলপ বহল কৰি বিশ্বৰ ক'ত কিমান ৰোগী আছে তাৰে লেখ-জোখত ব্যস্ত থাকি নিজৰ বিকাৰবোৰ যেন ক্ষণিকৰ বাবে পাহৰি থাকিল। ঘৰতে বহি অনুমান এটা হয়তো প্ৰায় সকলোৱে কৰিব পাৰিছে যে জীৱনটো চলাই নিবৰ বাবে আচলতে কিমানখিনি থকাৰ প্ৰয়োজন। পৰিয়ালৰ প্ৰতি দায়িত্ব পালনৰ সুযোগটো আৰু নিজৰ বাবে সময় নাই বুলি কোৱা সকলেও অন্ততঃ বুজিব পাৰিলে যে "আচলতে সময় আছিল, প্ৰয়োজনীয় গুৰুত্বহে নাছিল"। শিক্ষাব্যৱস্থা এৰাধৰাৰ মাজেৰে চলি থাকিল।
মাজতে অৰ্নৱ নে ছোনিয়া বুলি সোধা প্ৰশ্নটোৰ উত্তৰ আমাৰ দৰে অভাজনৰ কাষ আহি নাপাঁতেই চেলেং চাদৰত ধৰ্মমেৰিয়াই শংকৰ-আজানৰ দেশত আৰু এবাৰ নিৰ্লজ্জ নাচখন চাব লগাত পৰিল। এই সময়চোৱাত সমাজৰ প্ৰতি সচেতনতা ৰখা এমুঠি মান বিশেষ ব্যক্তিয়ে আনক সহায় কৰিবৰ বাবে সদায়ৰ নিশ্চয়কৈ আগবাঢ়ি থাকিল। দুখীয়াখিনিয়ে পালে,ধনীখিনিয়ে দিলে। হাত পাতিবলৈ লাজ আৰু হাত নাপাতিলে ভোকৰ লগত বুজাবুজি কৰিবলৈ বাধ্য মধ্যবিত্তখিনিৰ বাবে কেৱল সন্মান নামৰ ৰঙটোহে ৰ'ল, বিশেষ স্থান,অৱস্থান একো নহ'ল। স্বাস্থ্য তথা বিত্তমন্ত্ৰী ডাঙৰীয়াৰ আদেশ তথা ঘোষণাসমূহ বিনাবাক্যে অসমমবাসীয়ে পালন কৰি গ'ল। ঘৰতে বহি লাখ টকা উপাৰ্জন কৰা সকলক নিজাববীয়াকৈ লগ কৰি ক্ষমাখোজাৰ লগতে উপায়টো আকৌ এবাৰ ভাৱি চোৱাৰ ইচ্ছাটো মনৰ ভিতৰতে ৰ'ল।
এনেদৰে ৰাতি শোৱাৰ ভাগৰটো দিনৰভাগতে শুই বহি যেন এপ্ৰিলৰ মাহটো বিদায় দিলো।

Your Comments