শিৱসাগৰ আৰক্ষীৰ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত জামিন লাভ অখিল গগৈৰ

Pic

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত শিৱসাগৰ থানাত ৰুজু হোৱা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত জামিন লাভ কৰিলে কৃষক নেতা অখিল গগৈয়ে।শিৱসাগৰ কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা কৃষক নেতাগৰাকীয়ে শনিবাৰে লাভ কৰিছে জামিন। শিৱসাগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে কৃষক নেতাগৰাকীৰ জামিনৰ আবেদন মঞ্জুৰ কৰে। উল্লেখ যে 'নিয়া'ৰ গোচৰৰ পৰা যোৱা ১৭মাৰ্চত গগৈয়ে লাভ কৰিছিল জামিন।তাৰ পিছতে শিৱসাগৰ আৰক্ষীয়ে গুৱাহাটী কাৰাগাৰৰ পৰা শিৱসাগৰ থানাত ৰুজু হোৱা ১৩৪৪/১৯নম্বৰ গোচৰত ১৯ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল। শিৱসাগৰ আৰক্ষীয়ে চাৰিদিন নিজৰ জিম্মাত ৰখাৰ পিছত ২৩ মাৰ্চত গগৈক আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। গগৈৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰে জ্যেষ্ঠ অধিবক্তা হেমেন বৰাই। গুৰুত্বপূৰ্ণ কথা যে শিৱসাগৰৰ গোচৰৰ পৰা গগৈয়ে জামিন লাভ কৰে যদিও গগৈৰ বিৰুদ্ধে অন্য বহুকেইখন থানাত ৰুজু হৈ আছে গোচৰ। অখিলৰ বিৰুদ্ধে টীয়ক থানাত ৬৯৫/১৯, গৌৰীসাগৰ থানাত ১৫৪/১৯ আৰু চাবুৱা থানাত ২৮৯/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০বি/ ১৪৭/ ১৪৮/ ১৪৯/ ৩৩৬/ ৩৫৩/  ৩২৬/ ৩০৭ ধাৰাত গোচৰ ৰুজু হৈ আছে।

Your Comments