মহানগৰীত অবৈধ মদৰ ঘাটিত উচ্ছেদ অভিযান আবকাৰী বিভাগৰ

Pic

'লকডাউন'ৰ সময়ত মহানগৰীত আবকাৰী বিভাগৰ অভিযান।অভিযানত উচ্ছেদ অবৈধ সুৰাৰ ভাটি।বিশেষ সূত্ৰৰ খবৰ অনুসৰি গুৱাহাটীৰ হেঙেৰাবাৰী লিচুবাগানস্থিত নামনি শিৱনগৰত শনিবাৰে দুটা বৃহৎ সুৰাৰ ভাটীত অভিযান চলাই আবকাৰী বিভাগে।অভিযানৰ সময়ত কেইবা লাখ টকাৰ সুৰা প্ৰস্তুত কৰা সামগ্ৰীৰ লগতে সুৰা ধ্বংস কৰে আবকাৰী বিভাগে। বিভাগে জনোৱা অনুসৰি অঞ্চলটোৰ কলোৰাম ৰাভা নামৰ এগৰাকী ব্যক্তিৰ ঘৰত চলে অভিযান।অভিযানৰ সময়ত ব্যক্তিগৰাকী পলাই যায় যদিও তাত কাম কৰা এগৰাকী মহিলাক তেওঁলোক পায়। আবকাৰী বিভাগৰ নতুন সংশোধিত আইন অনুসৰি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে। উল্লেখ যে ৰাইজৰ অভিযোগ দীৰ্ঘদিন ধৰি চলি আছিল এই সুৰাৰ ভাটীকেইটা।

Your Comments