মুকলি আকাশৰ তললৈ আহিল ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া

Pic

প্ৰায় ২৮টা দিন গোলাঘাট জিলা কাৰাগাৰত কাৰাবন্দী হৈ থকা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই শুকুৰবাৰে লাভ কৰে জামিন।ন্যায়ালয়ৰ দ্বাৰা জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম  হৈছে শইকীয়া।যোৱা ২৯ ফেব্ৰুৱাৰীত গোলাঘাট সদৰ থানাৰ আৰক্ষীয়ে১১৯১/২০১৯ গোচৰ মৰ্মে ভাৰতীয় দণ্ড বিধি আইনৰ১৪১/১৪২/ ১৪৩/১৮৮/৩৩৬/৩৪১/৩৫৩/৩০৭/৫০৬ ধাৰা আৰু R/W- section. 4 PDPP Act ৰ অধীনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল।নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' আন্দোলনৰ সময়ত ছাত্ৰ নেতাগৰাকীয়ে  'আৰএছএছ'ৰ গোলাঘাট কাৰ্যালয়ত অগ্নি সংযোগ কৰা আৰু হত্যাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগত গোলাঘাট আৰক্ষীৰ উপ-অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াৰ নিৰ্দেশত সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ছাত্ৰ নেতাগৰাকীক।গোলাঘাট জিলা সত্ৰ ন্যায়িক দণ্ডাধীশ আদালতে এজন ব্যক্তি আৰু ২০হাজাৰ টকাৰ আমানতত জামিন মঞ্জুৰ কৰে শইকীয়াৰ।ছাত্ৰ নেতাগৰাকীৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা প্ৰাঞ্জল গগৈয়ে।

Your Comments