ক'ভিড-১৯ৰ মেডিকেল নিৰ্মাণলৈ ১০ বিঘা মাটি দান কৰিবলৈ আগ্ৰহী কলিয়াবৰৰ কৃষ্ণ মহন্ত

Pic

ৰাজ্যৰ স্বাস্থ্য বিভাগে ক'ভিড-১৯ চিকিৎসালয় নিৰ্মাণ কৰিব বিচাৰিলে নিজৰ ১০বিঘা মাটি চিকিৎসালয় নিৰ্মাণৰ বাবে দান কৰা কথা ঘোষণা কৰিছে ৰাজ্যৰ এগৰাকীৰ যুৱ ব্যৱসায়ী কৃষ্ণ মহন্তই।নগাঁও জিলাৰ কলিয়াবৰ বালিসত্ৰ নিবাসী মহন্তই এই কথা প্ৰকাশ কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে।তেওঁ পত্ৰত উল্লেখ কৰিছে যে যদি কভি'ড-১৯ৰ চিকিৎসালয় নিৰ্মাণ কৰাৰ বাবে মাটিৰ প্ৰয়োজন হয়,তেন্তে কলিয়াবৰত থকা তেওঁলোকৰ ১০ বিঘা মাটি স্বাস্থ্য বিভাগক দান কৰিবলৈ আগ্ৰহী। ইতিমধ্যে তেওঁ ৰাজহ বিভাগত আনুষ্ঠানিকতা সম্পন্ন কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে। গুৰুত্বপূৰ্ণ কথা এই যে ক'ৰ'না ভাইৰাছৰ বিৰুদ্ধে যুঁজখনত ৰাজ্যৰ স্বাস্থ্য বিভাগক কিঞ্চিত পৰিমাণে হ'লেও সহায় কৰাৰ মানসেৰে ব্যৱসায়ী মহন্তই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি পত্ৰখনত উল্লেখ কৰিছে।

Your Comments