ক'ৰ'নাৰ বিৰুদ্ধে যুঁজত ৰাজ্য চৰকাৰলৈ এদিনৰ দৰমহা আগবঢ়াব সৰ্বশিক্ষা অধীনৰ ৩০ হাজাৰ টেট শিক্ষকে

Pic

মাৰাত্মক ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অসম চৰকাৰলৈ এদিনৰ দৰমহা আগবঢ়াব ৰাজ্যৰ সৰ্বশিক্ষাৰ অধীনৰ টেট শিক্ষকসকলে।ৰাজ্যৰ ৩০,০৮৫ জন সৰ্বশিক্ষা অধীনৰ ৰাজ্যৰ টেট শিক্ষকে এদিনৰ দৰমহা আগবঢ়ালে মুঠ পুঁজি হ'ব প্ৰায় তিনি কোটি টকা।এই কথা প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে। শিক্ষক সমাজৰ হৈ সভাপতি ত্ৰৈলোক্য ডেকা,সাধাৰণ সম্পাদক মিৰাজুল ৰচিদে ক'ৰ'না ভাইৰাছৰ বিৰুদ্ধে অসম চৰকাৰে দিয়া যুঁজৰ শলাগ লয়।চৰকাৰৰ যুঁজত সহযোগিতা কৰা তথা অসমবাসী ৰাইজৰ হাতে-হাত ধৰি আগবাঢ়ি যোৱা লক্ষ্যৰে টেট শিক্ষকসকলে আগন্তক মাহৰ এদিনৰ দৰমহা বিভাগীয়ভাৱে কৰ্তন কৰি ৰাখিবলৈ চৰকাৰক আহ্বান জনায়। এই সন্দৰ্ভত অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব,মিছন সঞ্চালক,সৰ্বশিক্ষা অভিযান মিছনলৈ পত্ৰ প্ৰেৰণ কৰিছে।

Your Comments