প্ৰশাসনৰ নির্দেশ অমান্য কৰি জুম্মাৰ নামাজ পঢ়িবলৈ আহি শাস্তিৰ সন্মুখীন

Pic

মাৰাত্মক ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশৰ লগতে ৰাজ্যত ঘোষণা কৰা হৈছে লকডাউন।লকডাউনৰ সময়ছোৱাত ৰাইজৰ সুবিধা হোৱাকৈ জৰুৰীকালীন সেৱা,খাদ্য-সামগ্ৰীৰ সেৱাৰ বাহিৰে সকলো বন্ধ ৰখা হৈছে।প্ৰশাসনৰ ফালৰ পৰা বাৰে বাৰে কোৱা হৈছে এই সময়ছোৱাত বিনা কাৰণত কোনো যাতে ঘৰৰ পৰা ওলাই নাহে।বন্ধ কৰি দিয়া হৈছে ধৰ্মীয় অনুষ্ঠানত জনসাধাৰণৰ প্ৰৱেশ। ইমানৰ পিছতো একাংশ লোকে কোনো গুৰুত্ব দিয়া নাই প্ৰশাসনৰ নির্দেশ।তেনে কিছু লোক নির্দেশ অমান্য কৰি মহানগৰীৰ গুৱাহাটী ক্লাবৰ বুঢ়া মছজিদত জুম্মাৰ নামাজ পঢ়িবলৈ ওলাই আহে।প্ৰশাসনৰ নির্দেশ অমান্য কৰি গুৱাহাটী নামাজ পঢ়িবলৈ ওলাই অহা এইসকল ব্যক্তিক গুৱাহাটী ক্লাবত আঁঠু কঢ়াই প্ৰদান কৰে শাস্তি। তাৰ বিপৰীতে একাংশক প্ৰদান কৰে লাঠীৰ কোব।

Your Comments