পাচলি বজাৰ বন্ধ কৰাৰ বাবে কামৰূপ(ম)জিলা প্ৰশাসনে জাৰি কৰিলে নির্দেশনা

Pic

কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে বন্ধ কৰাৰ নির্দেশ দিলে পাচলি বজাৰ।জনতাৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি বজাৰ বন্ধ ৰখাৰ নির্দেশ ।উল্লেখ যে শুকুৰবাৰে পুৱা যোগান বিভাগৰ তৎপৰতাত ৰাইজৰ সুবিধাৰ বাবে খোলা হৈছিল পাচলি বজাৰসমূহ।কিন্তু পাচলি বজাৰ আৰম্ভ হোৱাৰ পিছতে দেখা গৈছিল জনতাৰ ব্যাপক সমাগম। উল্লেখ্য যে লকডাউনৰ সময়ত জনতাৰ সুবিধাৰ প্ৰতি লক্ষ্য কৰি সামাজিক দূৰত্ব বজাই ৰাখি ৰাইজক বজাৰলৈ অহাৰ আহ্বান জনাইছিল।কিন্তু প্ৰশাসনৰ নির্দেশক অমান্য কৰি জনতাই বজাৰত ব্যাপক সমাগম কৰা দেখি বজাৰ বন্ধ কৰিবলৈ বাধ্য হ'ল প্ৰশাসন।

Your Comments