চিন্তাৰ আক-বাক, ফেব্ৰুৱাৰী ২০২০

Feb

বিমল বৰা,গুৱাহাটী :
ফেব্ৰুৱাৰীৰ প্ৰথমটো পুৱাতে মাননীয় ৰাষ্ট্ৰপতি ডাঙৰীয়াই দিয়া 'অসমীয়া ভাষা সুৰক্ষিত হৈ থাকিব' বোলা কথাষাৰকে সাৰোগত কৰি দিনটো আৰু হয়তো মাহটোৱে আৰম্ভ কৰিলো। এপাকত সাহিত্য সভালৈ গৈ কেক্‌ এটুকুৰা খাই আহি থাকোতেই কেনেবাকৈ যঁট-পট খাই লুৰিনজ্যোতিক মহতিয়াই অনা গ'ল।
কোকৰাঝাৰ ফালৰ বাপ বান্ধৱসকলে সংঘৰ অধিৱেশনৰ পৰা ততাতৈয়াকৈ আহি মোদী মেজিকৰ জনসমূদ্ৰত যোগ দিলেহি। ৬নং দফা কাৰ্যকৰী হোৱাৰ দৰে কথাৰে গোটাচেৰেক সুখ দি গ'ল। প্ৰপজ্‌ দে দিনাই কাৰোবাৰ সচাঁ প্ৰেমৰ কোবালত ভূমিকম্প এটাও আহিল। পোক লগা চকলেট্‌ খাই ফুড পইজন্‌ হোৱা খবৰটো টিভি পেপাৰত নিদিয়া বাতৰি হৈ ৰ'ল আৰু গুলপীয়া বিদেশী উৎসৱত গুৱাহাটীৰ প্ৰায়বোৰ হোটেল Sold Out হৈ গ'ল।
সংস্কৃত টোল আৰু মাদ্ৰাছাবোৰ Format মাৰি দিয়াৰ খবৰটোৱে অলপ হঁহুৱালে।
সৰুৰ পৰাই যে বিহু নাচিম বুলি ইচ্ছা এটা আছিল, আমাৰ নাচনিয়ে ফিল্মফেয়াৰত তাৰে নিদৰ্শন দি গ'ল আহি।
নকল বনাম চুইচাইডৰ ঘটনাই ফেচবুক আৰু নিউজ চেনেলত আলোচনাৰ শিৰোনামা দিলে। চাৰ্জিল ইমান অসম আহি পাওঁতে কেৱল দেখা পালো কেৱল ABVPৰ পতাকা। কা-আইন বিৰোধীসকলক 'ভালনে খবৰ' বুলি সোধাৰ ইচ্ছাটোও সামৰি থোৱা হ'ল।
ফাগুণ অহাৰ বতৰা পাই, উবুৰি খাই পৰিলহি নিজকে কবি বুলি ভৱা ৰাইজ। শিৱৰাত্ৰিৰ নিশা বিছনাতে উৰি ফুৰাৰ আমেজ ভঙাই নাছিল, চৰকাৰে দিয়া আঁচনিখনৰ মতে বিয়া পাতি সোন লওঁ নে টকা লওঁ, সপোনটো গুণাগঁথাত লাগি গ'লো। পৰৱৰ্তী পৰ্য্যায়ত নিউজ চেনেল কেইটাই ক'লে, 'এইয়া চাওক গুৱাহাটীত আপোনাক লুটিবৰ বাবে আহিছে সুন্দৰীৰ দল।' পিছে মূখবোৰ ঢাকি দিলে গতিকে এজনীও চিনিব নোৱাৰিলো। মেট্ৰিক পৰীক্ষাত SEBA ৰ সমালোচনা প্ৰত্যেক বাৰৰ দৰে এইবাৰো শিৰোনামাত বাদ নপৰিল।
ফেব্ৰুৱাৰীৰ শেষ দিন কেইটাত সৰু-বৰ সকলোৱে সঁচাই-মিছাই দুখী হৈ জুবিনদাৰ আৰোগ্যতা কামনাৰে কমদিনীয়া মাহটো বিদায় দিলো।

Your Comments