গেছ এজেন্সীসমূহে উলংঘা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা

Pic

মৃণাল ডেকা,শুৱালকুছি:

অসমত এতিয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগানৰ নামত চলিছে ব্যাপক অনিয়ম ৷ গেছ চিলিণ্ডাৰ যোগানৰ সন্দৰ্ভত থকা কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাক অৱমাননা কৰি আহিছে ৰাজ্যৰ বহু গেছ এজেন্সীয়ে।কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ২০০০ চনৰ ২৬ এপ্ৰিলত প্ৰৱৰ্তন কৰিছিল "লিকুইফাইড পেট্ৰ’লিয়াম গেছ (ৰেগুলেচন অব ছাপ্লাই এণ্ড ডিষ্ট্ৰিবিউশ্বন)অৰ্ডাৰ।"এই নিৰ্দেশ অনুযায়ী গেছ এজেন্সীসমূহে গ্ৰাহকক বাসগৃহত চিলিণ্ডাৰ যোগান (হোম ডেলিভাৰী)ধৰিব লাগে।তদুপৰি,কোনো কাৰণত যদি এজেন্সীসমূহে গ্ৰাহকক চিলিণ্ডাৰৰ হোম ডেলিভাৰী দিব নোৱাৰে, তেন্তে চিলিণ্ডাৰ নিৰ্দিষ্ট মূল্যতকৈ ৮ টকা ৰেহাই মূল্যত গ্ৰাহকক চিলিণ্ডাৰ যোগান ধৰিব লাগে৷কিন্তু অসমত বহুসংখ্যক গেছ এজেন্সীয়েই গ্ৰাহকক চিলিণ্ডাৰৰ হোম ডেলিভাৰী নিদিয়ে।চৰকাৰী নিয়ম অনুসৰি ৰন্ধন গেছৰ সংযোগ থকা তথা কাৰ্ড থকা প্ৰতিটো পৰিয়ালক নিৰ্দিষ্ট গেছ এজেন্সীসমূহে চিলিণ্ডাৰ হোম ডেলিভাৰী দিব লাগে।হোম ডেলিভাৰী দিয়াৰ বিনিময়ত এজেন্সীসমূহে গ্ৰাহকৰ পৰা অতিৰিক্ত মাচুল লয়।কিন্তু ৰাজ্যৰ বহুসংখ্যক গেছ এজেন্সীৰ লগতে শুৱালকুছি হাজো পানীটেমা আদিত অৱস্থিত গেছ এজেন্সীয়ে হোম ডেলিভাৰীৰ নামত অতিৰিক্তভাৱে মাচুল লয় যদিও গ্ৰাহকসকলক হোম ডেলিভাৰী নিদিয়ে।গ্ৰাহকসকলে নিজেই আহি এজেন্সীয়ে নিৰ্দিষ্ট কৰি দিয়ে ঠাইত আহি গেছ ক্ৰয় কৰিব লাগে।আনহাতে,গ্ৰাহকসকলৰ গেছ বুকিং হৈ যোৱাৰ পিছত গ্ৰাহকসকলক বাসগৃহত চিলিণ্ডাৰ যোগান ধৰিব লাগে যদিও কেতিয়াবা বুকিঙৰ হোম ডেলিভাৰীৰ তাৰিখ পাৰ হৈ যায়।গ্ৰাহকসকলৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি বহু এজেন্সীৰ দৰে হাজো পানীটেমাৰ গেছ এজেন্সীয়ে দীৰ্ঘদিনৰ পৰা হোম ডেলিভাৰী দিয়াৰ নামত অতিৰিক্ত টকা সংগ্ৰহ কৰি আহিছে।

Your Comments