নলবাৰীত ভাৰত জন-বিজ্ঞান যাত্ৰাৰ "যাদুৰ অন্তৰালত বিজ্ঞান" শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভণি

Pic

বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন: 

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ৰ সহযোগত ভাৰত জনবিজ্ঞান যাত্ৰা,অসমে নলবাৰী আৰু কামৰূপ জিলাৰ এশখন বিদ্যালয়ক সামৰি "যাদুৰ অন্তৰালত বিজ্ঞান" শীৰ্ষক এটা কাৰ্যসূচীৰ সোমবাৰৰ পৰা আৰম্ভ কৰিছে।সোমবাৰে নলবাৰী জিলাৰ পূব- নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত  দক্ষিণ বৰভাগ উচ্চ মাধ্যমিক বিদ্যালয়ত এলানি কাৰ্যসূচীৰ  মুকলি কৰা হয়। মুকলি অনুষ্ঠানত সভাপতিত্ব কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক চৈয়দ আব্দুল কুদ্দুছে।অনুষ্ঠানত অংশগ্ৰহণ কৰে ভাৰত জনবিজ্ঞান যাত্ৰা,অসমৰ সম্পাদক মনোজ কুমাৰ পাটোৱাৰী,আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ,নলবাৰীৰ জিলা সমন্নয়ক প্ৰদীপ মহন্ত, ইলোৰা বিজ্ঞান মঞ্চৰ নলবাৰীৰ সম্পাদক কুলেশ ডেকা, শিক্ষাবিদ দ্বিজেন কলিতা আদিয়ে।

Pic

কাৰ্যসূচী মুকলি কৰি ভাৰত জনবিজ্ঞান যাত্ৰা,অসমৰ সভাপতি মনোজ পাটোৱাৰীয়ে ব্ক্তব্যত কয় যে  ছাত্ৰ-ছাত্ৰীসকলক।অন্ধবিশ্বাস,বিভিন্ন যাদু তথা অলৌকিক ঘটনাৰ আঁঁৰত থকা বিজ্ঞান সম্পৰ্কত কৌশলসমূহ অৱগত কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ-সাহাৰ্যত এনে কাৰ্যসূচী হাতত লোৱা হৈছে।ইতিমধ্যে কামৰূপ আৰু নলবাৰী জিলাক সামৰি এশখন বিদ্যালয় নিৰ্বাচিত কৰি বিদ্যালয়সমূহত এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে ত্ৰিশজন বিজ্ঞান কৰ্মীক প্ৰশিক্ষণ দি অনা হৈছে।গুৱাহাটীত আয়োজন কৰা প্ৰশিক্ষণত দলটোক অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিষদৰ জ্যেষ্ঠ বিজ্ঞানী ডঃ ৰঞ্জিত কুমাৰ বৰ্মন,ভাৰত জন-বিজ্ঞান যাত্ৰা,অসমৰ অধ্যাপক শশীন্দ্ৰ কুমাৰ বৰঠাকুৰকে ধৰি হাৰিয়ানাৰ পৰা অহা এটা  বিজ্ঞানৰ সমল ব্যক্তিৰ দলে প্ৰশিক্ষণ দিছিল। কামৰূপ  আৰু নলবাৰী জিলাৰ লগতে পৰবৰ্তী পৰ্যায়ত অসমৰ প্ৰতিখন ভিতৰুৱা গাঁৱৰ প্ৰতিগৰাকী বিদ্যালয়ৰ ছাত্র- ছাত্ৰীৰ মাজত অন্ধবিশ্বাস দূৰ কৰি বিজ্ঞানৰ জনপ্ৰিয়তা অনাৰ বাবে এনে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিব দিয়ে।আনহাতে,আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ,নলবাৰীৰ জিলা সমন্বয়ক প্ৰদীপ মহন্তই বৰ্তমান কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰ আৰু অন্ধবিশ্বাস -কু-সংস্কাৰ নিৰ্মূলৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি সাধাৰণ ৰাইজ তথা ছাত্র-ছাত্ৰীক এনে কাৰ্যসূচীসমূহত অংশগ্ৰহৰ বাবে আহ্বান জনায়।ইতিমধ্যে,সমগ্ৰ অসমতে অসম চৰকাৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে ছাত্র -ছাত্ৰী আৰু সাধাৰণ ৰাইজৰ মাজত বিজ্ঞানৰ জনপ্ৰিয়তা বৃদ্ধি আৰু অন্ধবিশ্বাস-কুসংস্কাৰ নোহোৱা কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰে।অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে বিজ্ঞান কৰ্মী মৃদুল মহন্ত , নুৰ- মহম্মদ  আলি আৰু আচিক আহমেদে অংশগ্ৰহণ কৰে।

Your Comments