আজি দেশে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে জম্মু-কাশ্মীৰৰ পুলৱামাত শ্বহীদ হোৱা ৪০ গৰাকী চিআৰপিএফৰ বীৰ জোৱানক।বিগত বর্ষৰ ১৪ ফেব্ৰুৱাৰীৰ দিনটোতে পুলৱামাত চিআৰপিএফৰ কনভয়ত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত শ্বহীদ হৈছিল জোৱান কেইজন।আজি পুলৱামাত শ্বহীদ জোৱানকেইজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে চিআৰপিএফে।উল্লেখযোগ্য যে চিআৰপিএফৰে লেথপুৰা শিবিৰত ইতিমধ্যে পুলৱামাৰ শ্বহীদ জোৱানকেইজনৰ এটা স্মাৰক নিৰ্মাণ কৰা হৈছে।আনহাতে,শ্ৰীনগৰতো চিআৰপিএফে শ্বহীদ জোৱানকেইজনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে।শ্ৰীনগৰতো এটা শ্বহীদ স্মাৰক নিৰ্মাণ কৰা হ'ব।প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও আজি পুলৱামাৰ শ্বহীদ জোৱানসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে।
- Log in to post comments
- 13 views