৮ নৱেম্বৰত ছবিগৃহলৈ অসমীয়া ছবি 'অস্তিত্ব'

Pic

উপাৰ্জনৰ দিশত অসমীয়াৰ ছবিৰ ইতিহাসত শেহতীয়াভাৱে কাঞ্চনজংঘা, ৰত্নাকৰৰ ব্যাপক সফলতাৰ পিছত ৮ নৱেম্বৰত ছবিঘৰলৈ আহিব আন এখন অসমীয়া ছবি।বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ 'আমি অসমীয়া নহওঁ দুখীয়া' শীৰ্ষক গীতটোৰ দ্বাৰা অনুপ্ৰাণিত হৈ  পৰিচালক মিৰ্জা আৰিফ হাজৰিকাই নিৰ্মাণ কৰা 'অস্তিত্ব 'নামৰ ছবিখন শীঘ্ৰে ছবিগৃহলৈ আহিব।গুৱাহাটীকে ধৰি অসমৰ ৩৬ টাকৈ ছবিগৃহত মুক্তি লাভ কৰিব লগা ছবিখন সন্দৰ্ভত সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে পৰিচালক মিৰ্জা আৰিফ হাজৰিকাই।
সংবাদমেলখনত তেওঁ প্ৰকাশ কৰা অনুসৰি বহু ঘাট-প্ৰতিঘাটৰ মাজত দুটা বছৰৰ শ্ৰমৰ অন্তত দর্শকৰ মাজলৈ উলিয়াই দিব বিচৰা ছবিখনত আছে- 'লাচিত হাজৰিকাৰ সংগ্ৰামী জীৱন, বিভিন্ন ঘাট - প্ৰতিঘাটৰ মাজেৰে আগবঢ়া চিনেমাখনত আছে হাঁহি - কান্দোন , ৰোমাঞ্চ তথা দৰ্শকে ভাল পোৱা এক্সন'। 

উল্লেখ্য যে তৰালী শৰ্মাৰ সংগীতেৰে সজাই।তোলা ছবিখনত অভিনয় কৰিছে বিভূতি ভূষণ হাজৰিকা , ব্ৰজেন বৰা, দীনেশ দাস, মনোজ গগৈ, সিদ্ধাৰ্থ মুখাৰ্জী, লনীশ্ৰী দাস, দুৰ্গাশ্রী, বিভাষ সিনহা , আৰু  ৰাজীৱ ক্ৰ'ই  

স্কাইপ্লেক্স মোচন পিকছাৰ্চ ইণ্টাৰনেশ্বনেলৰ বেনাৰত নিৰ্মাণ হোৱা ছবিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত ডিজিটেল মিডিয়া( হট ষ্টাৰ)ৰ ব্যৱহাৰ কৰা বুলি পৰিচালক মিৰ্জাই জানিবলৈ দিয়ে।

ইতিমধ্যে গুৱাহাটীৰ কলাক্ষেত্ৰ, জয়ানগৰ , লিঅ' এক্সপ, চিটী চেণ্টাৰ , ষ্ট্ৰীটজা আদিত 'ফ্লেশ ম'ব' প্ৰযুক্তিত ছবিখনৰ প্ৰচাৰ কৰা বুলি উল্লেখ কৰে পৰিচালকগৰাকীয়ে।

আনহাতে  সংবাদমেলখনত উপস্থিত আছিল ছবিখনৰ বহুকেইগৰাকী শিল্পী,কলা-কুশলী।

Your Comments