ভাৰতৰ স্বদেশী ভেক্‌চিনৰ অপেক্ষাত ২৫খন দেশ

Vaccine

ভাৰতে এই পর্যন্ত ১৫খন দেশলৈ কৰ’না ভেক্‌চিন সৰবৰাহ কৰিছে। বিভিন্ন পর্যায়ত ভেক্‌চিন পোৱাৰ অপেক্ষাত ৰৈছে আন ২৫খন দেশ। এই কথা সদৰি কৰিছে বিদেশমন্ত্রী এছ জয়শঙ্কৰে । কিন্তু সকলো দেশেই যে একেই চৰ্ত বা দামত ভেক্‌চিন পাব এনে নহয়। বিদেশমন্ত্রী গৰাকীয়ে জনাইছে, বহু কেইখন আৰ্থিক ভাৱে দুৰ্বল দেশক অনুদানৰ ভিত্তিত ভেক্‌চিন প্ৰদান কৰা হৈছে। বহুকেইখন দেশে পুনৰ ভাৰত চৰকাৰে যি দামত কিনিছে, সেই দামতেই ভেক্‌চিন সংগ্ৰহ কৰিবলৈ বিচাৰিছে। বাকী দেশসমূহে পোনপটীয়াকৈ ভেক্‌চিন প্ৰস্তুত কৰা সকলৰ সৈতে যোগাযোগ কৰিছে। 

SJaikishan

ক’ভিচিল্ড আৰু ক’ভাক্সিন ভাৰতৰ দুয়োটা কৰ’না ভেক্‌চিনক ইতিমধ্যে মুকলি কৰিছে কেন্দ্রীয় স্বাস্থ্যমন্ত্রালয়ে। দেশজুৰি পূৰ্ণোদ্যমে চলিছে টিকাকৰণ কাৰ্যসূচী। আন্তর্জাতিক বজাৰতো ভাৰতত নিৰ্মিত ভেক্‌চিনৰ চাহিদা যথেষ্ট বাঢ়িছে। শনিবাৰে বিদেশমন্ত্রী এছ জয়শঙ্কৰে কয় যে, “হিচাপ অনুসৰি ইতিমধ্যে ১৫খন দেশক আমাৰ ভেক্‌চিন প্ৰেৰণ কৰা হৈছে। এই ভেক্‌চিনৰ বাবে বিভিন্ন পর্যায়ত ২৫খন দেশ অপেক্ষাৰত হৈ আছে। ইয়াৰ ফলস্বৰূপ বিশ্ব দৰবাৰত স্থান পাইছে ভাৰতে।” এই প্রসঙ্গত তেখেতে কয় যে, অহা সময়চোৱাত ভাৰতক 'বিশ্বৰ ঔষধ কাৰখানা' হিচাপে গঢ়ি তুলিবলৈ পৰিকল্পনা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৷

Your Comments