চলিত বৰ্ষৰ আৰম্ভণিৰপৰাই বিশ্বৰ সকলো জনপ্রিয় মোবাইল নিৰ্মাণকাৰী সংস্থাই 5G স্মাৰ্টফোন বিক্ৰী কৰা আৰম্ভ কৰিছে । অর্থাৎ, বৰ্তমান সেই ফোনসমূহত 4G চলিলেও ভৱিষ্যতে এনে ফোনসমূহত 5G টেকন’ল’জি চাপ’ৰ্ট কৰিব। কিন্তু ভাৰতবৰ্ষত 5G কেতিয়াৰপৰা উপলব্ধ হ’ব তাক লৈ জল্পনা-কল্পনাৰ শেষ নাই। এই প্রশ্নৰ উত্তৰ পাবলৈ আৰু বেছিদিন অপেক্ষা কৰিব লগীয়া নহ’ব। কিয়নো 5G সেৱাৰ ফিল্ড ট্রায়েল সোনকালেই আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে ৷ কেন্দ্রীয় চৰকাৰে এই বিষয়ত ইতিমধ্যে সকলো পৰিকল্পনা সম্পূৰ্ণ কৰিছে ।
ডিপার্টমেন্ট অফ্ টেলিকমিউনিকেচনে (DOT) জনাইছে, দেশত 5G সেৱা আৰম্ভ কৰিবলৈ প্রস্তুতি চলিছে। আনহাতে, টেলিকমটক নামৰ এটা টেক চাইটে জনাইছে, দুইৰপৰা তিনি মাহৰ ভিতৰত 5G ফিল্ড ট্ৰায়েল আৰম্ভ কৰিব DOTএ ৷ কেন্দ্রীয় চৰকাৰে ইতিমধ্যে এই বিষয়ে DOT-ৰ পৰিকল্পনা নিৰিক্ষণ কৰিছে ।
5G টেকন’ল’জিৰ ট্রায়েলৰ বাবে ১৬খন আবেদন দাখিল কৰা হৈছে চৰকাৰৰ ওচৰত। দেশৰ বিভিন্ন প্ৰান্তত অহা দুই-তিনি মাহৰ ভিতৰত ফিল্ড ট্রায়েল আৰম্ভ কৰি দিব টেলিকম কোম্পানীসমূহে । জানিব পৰা গৈছে, Airtel 5G ৰ ট্রায়েল ইতিমধ্যে সম্পূৰ্ণ হৈছে । তেওঁলোকে জনাইছে, এয়াৰটেলৰ টেলিকম টেকন’ল’জি 5G-সেৱাৰ ক্ষেত্ৰত আদর্শ হ’ব । এবাৰ স্পেকট্রাম বন্টন হৈ গ’লেই দেশৰ বিভিন্ন প্ৰান্তত 5G পৰিষেৱা আৰম্ভ হোৱাত আৰু কোনো বাধা নাথাকিব ।
- Log in to post comments
- 28 views