'ৰত্নাকৰ' আপলোড কৰা ইউটিউব চেনেলৰ বিৰুদ্ধে অভিনেতা যতীন বৰাৰ গোচৰ:আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

Jatin Bora

অসমৰ ছবিঘৰত মুক্তিৰ প্ৰথম সপ্তাহৰ সফল ব্যৱসায়ৰ পিছত ইতিমধ্যে দ্বিতীয় সপ্তাহত প্ৰদৰ্শন কৰা হৈছে অভিনেতা যতীন বৰা পৰিচালিত 'ৰত্নাকৰ'। ইতিমধ্যে বক্স অফিচত তিনি কোটিৰো অধিক টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হোৱা ৰত্নাকৰৰ প্ৰতি অসমবাসীৰ আদৰ দেখি উৎফুল্লিত যতীন বৰাকে ধৰি টিম ৰত্নাকৰ।ছবিখনৰ অভিলেখ গঢ়ি তোলা সফলতাৰ বাবে পৰিচালক যতীন বৰা আৰু পত্নী নৱনীতা বৰাই অসমবাসীক ধন্যবাদ জনাইছে।কিন্তু তাৰ মাজতে  বৃহস্পতিবাৰে ৰত্নাকৰ সন্দৰ্ভত অসমবাসীৰ ওচৰত ফেচবুক লাইভৰ জৰিয়তে পৰিচালক যতীন বৰা আৰু পত্নী নৱনীতা বৰাই ক্ষমা বিচাৰি অপৰাধীক চৰম সকীয়নী প্ৰদান কৰি মহানগৰীৰ গীতানগৰ থানাত ৰুজু কৰিছে এটা গোচৰ।গীতানগৰ থানাৰ ৪৫৮/১৯নম্বৰত ৰুজু কৰা গোচৰটোত সন্নিবিষ্ট কৰা হৈছে তথ্য আৰু প্ৰযুক্তি আইনৰ ধাৰা ৬৬ আৰু কপিৰাইট আইনৰ ধাৰা ৬৩/৬৫। 

উল্লেখ্য যে ছবিখনৰ পৰিচালক যতীন বৰা আৰু প্ৰয়োজক নৱনীতা বৰাই ৰত্নাকৰৰ সফল ব্যৱসায়ৰ আনন্দৰ পিছতো গোচৰ ৰুজু কৰাৰ একমাত্ৰ কাৰণটো হ'ল সামাজিক মাধ্যম ইউটিউব। কিয়নো ছবিখনৰ প্ৰায় এক ঘন্টাৰ দহ মিনিট 'পানী দিয়া ভাত' নামৰ এটা ইউটিউব চেনেলত আপলোড কৰা হৈছে। সম্ভৱত: ছবিগৃহত ছবি প্ৰদৰ্শন হৈ থকাৰ সময়তে দুষ্ট চক্ৰটোৱে ছবিখন গোপনে আৱদ্ধ কৰি এতিয়া আপলোড কৰিছে ইউটিউব চেনেলটোত।তাৰ বাবে সেই 'পানী দিয়া ভাত' নামৰ ইউটিউব চেনেলটোৰ বিৰুদ্ধে যতীন বৰা আৰু নৱনীতা বৰাই ৰুজু কৰিছে গোচৰ।তেওঁলোকে গীতানগৰ থানাত বৃহস্পতিবাৰে ৰাতি গোচৰ ৰুজু কৰি ফেচবুক লাইভৰ জৰিয়তে তেওঁলোকে দাবী কৰিছে-'যি ব্যক্তিয়ে এই অপৰাধ কৰিছে তেওঁ জেল যোৱাটো খাটাং।'ছবিখনে মুক্তি পোৱাৰ দিনৰে পৰা সকলোকে আহ্বান জনাই কোৱা হৈছিল যে কোনেও যাতে ছবিখন ৰেকৰ্ড কৰি সামাজিক মাধ্যমত আপলোড নকৰে।কিন্তু সেই কথা অমান্য কৰি যি ব্যক্তিয়ে আপলোড কৰিছে,তেওঁ গ্ৰেপ্তাৰ হবলৈ সাজু হৈ থাকক।'এনেদৰে কয় অভিনেতা তথা ৰত্নাকৰৰ পৰিচালক যতীন বৰাই।

ইফালে নিৰ্দিষ্ট ইউটিউব চেনেলটোৰ গৰাকীক চিনাক্ত কৰাৰ বাবে অসম আৰক্ষীয়ে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে আৰক্ষী আয়ুক্ত দীপক কুমাৰে।তেওঁ সেই সন্দৰ্ভত কয় অপৰাধী অতি সোনকালে গ্ৰেপ্তাৰ হ'ব।তাৰ বাবে আৰম্ভ হৈছে তদন্ত। ইউটিউব কৰ্তৃপক্ষলৈ 'পানী দিয়া ভাত' নামৰ চেনেলটোৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে আৰু উক্ত চেনেলটো বন্ধ কৰি দিব লাগে বুলি উল্লেখ কৰি পত্ৰ প্ৰেৰণ কৰা বুলি জানিবলৈ দিছে আয়ুক্ত কুমাৰে।

ইয়াৰ উপৰিও আয়ুক্ত কুমাৰে জানিবলৈ দিয়া অনুসৰি ভাৰতত থকা গুগল আৰু ইউটিউব কাৰ্যালয়ৰ সৈতে এই সন্দৰ্ভত ফোনৰ জড়িয়তে যোগাযোগ কৰি অৱগত কৰা বুলি প্ৰকাশ কৰে। সেই সন্দৰ্ভত তেওঁলোকে অসম আৰক্ষীৰ অভিযোগ গ্ৰহণ কৰি মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰা বুলি অৱগত কৰে।

ইফালে,এই ঘটনাৰ সৈতে জড়িত থকা দুষ্ট চক্ৰটোক চিনাক্ত কৰাৰ বাবে প্ৰয়োজন হ'ব ইউটিউব চেনেলটোৰ আই.পি নম্বৰ। সেই  নম্বৰটো দিব পাৰিব ইউটিউব কৰ্তৃপক্ষই।গতিকে সেই নম্বৰটো বিচাৰি কৰ্তৃপক্ষক দিয়া হৈছে আবেদন। সেই নম্বৰটো লাভ কৰা পাছতে চেনেলটোৰ গৰাকীক চিনাক্ত কৰিব পৰা যাব বুলি প্ৰকাশ কৰে আয়ুক্ত দীপক কুমাৰে।

আনহাতে উক্ত ধাৰাত গ্ৰেপ্তাৰ হোৱা অপৰাধীৰ জেল আৰু জৰিমনা দুয়োটা শাস্তি আছে বুলি উল্লেখ কৰে আয়ুক্তগৰাকীয়ে।ইফালে,লক্ষণীয় কথাটো এই যে বৰ্তমান সময়তো সক্ৰিয় হৈ আছে ইউটিউব চেনেলটো।

Your Comments