মূলত: পথাচাৰীৰ সুৰক্ষা ওপৰত গুৰুত্ব প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে যোৱা পহিলা চেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশত বলৱৎ কৰিলে 'নতুন যান-বাহন আইন- ২০১৯'।ৰাজ্যৰ সোণোৱাল চৰকাৰেও ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অসমতো কাৰ্যকৰী কৰিলে নতুন যান-বাহন আইন ২০১৯। ইফালে ৰাজ্যৰ প্ৰশাসনে আইনখন কাৰ্যকৰী কৰাৰ পিছতে যান-বাহনৰ গৰাকীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে পূৰ্বে নেদেখা এক পৰিৱেশ। কিয়নো নতুন আইনখনত সন্নিৱিষ্ট কৰা হৈছে ৰাজপথত চলাচল কৰা যান-বাহনসমূহত যদি প্ৰয়োজনীয় নথি-পত্ৰ নাথাকে,তেন্তে গৰাকীসকলে আইন অনুসৰি ভৰিব লাগিব পূৰ্বতকৈ অধিক জৰিমনা।যাৰ ফলত প্ৰয়োজনীয় নথি-পত্ৰ সংগ্ৰহ কৰাৰ বাবে যান-বাহনৰ গৰাকীসকলৰ মাজত এতিয়া দেখা গৈছে হাহাকাৰ এক পৰিৱেশ।
বিশেষকৈ ৰাজ্যৰ অধিকাংশ যান-বাহনৰ প্ৰয়োজনীয় প্ৰদূষণ প্ৰমাণপত্ৰ নথকাৰ বাবে এতিয়া প্ৰদূষণ প্ৰমাণপত্ৰ উলিয়াবলৈ প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰসমূহত পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে এক দীঘলীয়া শাৰী।বিশেষকৈ প্ৰয়োজন অনুসৰি ৰাজ্যখনত প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰ নথকাৰ বাবে এতিয়া প্ৰতিটো কেন্দ্ৰতে পুৱাৰে পৰা ৰাতিলৈকে শাৰী পাতি নিজৰ বাহনখন প্ৰদূষণ পৰীক্ষা কৰিব নোৱাৰি নিৰাশাৰে উভটিছে বহুজন।
ইফালে এই সন্দৰ্ভত ৰাজ্যিক পৰিবহণ বিভাগৰ পৰা পোৱা তথ্য অনুসৰি বৰ্তমান সময়ত ৰাজ্যখনত যান-বাহনৰ তুলনাত পৰ্যাপ্ত নহয় প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰৰ সংখ্যা।কিয়নো আজিৰ দিনত সমগ্ৰ ৰাজ্যখনত মুঠ ২৫০টা প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰ আছে।তাৰ ১৬২টা কেন্দ্ৰ বৰ্তমান সময়ত বিকল হৈ আছে।যাৰ ফলত হাৰাশাস্তি ভুগিব লগা হৈছে বাহনৰ গৰাকীসকলে।বিভাগটোৰ তথ্য মতে প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰ সৰ্বাধিকভাৱে আছে গুৱাহাটী মহানগৰীত।বৰ্তমান সময়ত মুঠ ৪৫ টা কেন্দ্ৰ আছে মহানগৰীত।তাৰে ৯টা বৰ্তমান সময়ত বিকল।ইফালে,মহানগৰীত প্ৰদূষণ পৰীক্ষা কৰা বাবে বিভাগৰ ৭ খন মোবাইল ভান থকা বুলি জানিবলৈ দিয়ে।
লক্ষণীয় কথা এই যে ৰাজ্যখনত প্ৰায় ৩৩ লাখ পঞ্জীয়নভূক্ত গাড়ী আছে। ১১ লাখ আছে কেৱল মহানগৰীত। তাৰে কুৰিলাখৰো অধিক যান-বাহন তিনিবছৰৰ পুৰণি।যান-বাহন আইন অনুসৰি এবছৰৰ পুৰণি প্ৰতিখন গাড়ীৰ প্ৰদূষণ প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক।এতিয়া প্ৰশ্ন হয় বৰ্তমান ৰাজ্যত কাৰ্যক্ষম হৈ থকা মাত্ৰ ৮৮টা কেন্দ্ৰত লাখ লাখ যান-বাহন প্ৰদূষণ পৰীক্ষণ কৰাটো কিমান দূৰ সম্ভৱ হ'ব। এই দিশত পৰিবহণ বিভাগে নিশ্চয় গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে।
- Log in to post comments
- 14 views