বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে গুৱাহাটীত বাওঁ গণতান্ত্ৰিক দলসমূহৰ আন্দোলন

Pic

বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে বুধবাৰে দেশজুৰি বাওঁ গণতান্ত্ৰিক  দলসমূহে ৰূপায়ণ কৰে আন্দোলনৰ কাৰ্যসূচী।সেই কাৰ্যসূচীৰে অংশ হিচাপে বুধবাৰে গুৱাহাটী মহানগৰীতো চাৰিটাকৈ বাওঁ গণতান্ত্ৰিক দলৰ ৰাজ্যিক কমিটীয়ে ৰূপায়ণ কৰে আন্দোলনৰ কাৰ্যসূচী।মহানগৰীৰ গুৱাহাটী ক্লাবৰ গোল চকৰ পৰা চিপিআই(এম), চিপিআই, চিপিআই(এম এল) আৰু আৰচিপিআইৰ অসম ৰাজ্যিক কমিটীৰ সদস্যসকলে একগোট হৈ সাব্যস্ত কৰে প্ৰতিবাদ।নুমলীগড় শোধানাগাৰৰ ব্যক্তিগতকৰণৰ বিৰোধিতা,শ্ৰমিকৰ নূন্যতম মজুৰি মাহিলী১৮,০০০টকা কৰা,মূল্যবৃদ্ধি ৰোধ কৰা, প্ৰতিৰক্ষা আৰু কয়লা খণ্ডত ১০০ শতাংশ বিদেশী বিনিয়োগ প্ৰত্যাহাৰ কৰা,জাগীৰোড আৰু পাঁচগ্রাম কাগজ কল কাৰ্যক্ষম কৰি তোলাকে ধৰি মুঠ ১২টাকৈ দাবীৰে ৰূপায়ণ কৰে এই আন্দোলনৰ কাৰ্যসূচী।

ইফালে,প্ৰতিবাদকাৰী বাওঁ দলসমূহৰ নেতাসকলক মহানগৰীৰ লতাশিল আৰক্ষীয়ে আন্দোলনস্থলীৰ পৰাই গ্ৰেপ্তাৰ কৰে।তেওঁলোকে ৰাজপথত গণতান্ত্ৰিক আন্দোলন কৰি মহানগৰ জিলা উপায়ুক্তৰ জড়িয়তে তেওঁলোকৰ দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰদান কৰাৰ কথা আছিল যদিও তেওঁলোকক সেই সুযোগ প্ৰদান নকৰিলে অসম আৰক্ষীয়ে।

উক্ত আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে চি পি আই(এম)ৰ দেৱেন ভট্টাচাৰ্য, চিপিআইৰ ডম্বৰু বৰা,চিপিআই(এম এল)ৰ ৰুবুল শৰ্মা,আৰচিপিআইৰ বীৰেন ডেকা প্ৰমুখ্যে প্ৰায় দুই শতাধিক সদস্যই।

Your Comments