শিৱসেনাৰ অসম প্ৰদেশ সমিতি গঠন হৈয়েই ৰাজ্যৰ ইছলামধৰ্মী লোকলৈ কি বিশেষ আহ্বান জনালে....  জানিবলৈ ক্লিক কৰক

sibsena

নিউজ ডেস্ক :

"অসমত যি জাতিয়ে নাথাকক কিয় অসমৰ ৰীতি-নীতি,পৰম্পৰা সংস্কৃতি লগতে জাতীয়তাবাদী ঐক্য আৰু সংহতি বুজি সকলোৱে অসমীয়া হৈ থাকিব লাগে"- এই মন্তব্য হিন্দুত্ববাদী সংগঠন শিৱসেনা,অসম প্ৰদেশৰ। ৰাজ্যখনত নতুনকৈ চলিত মাহত গঠন হোৱা শিৱসেনা, অসম প্ৰদেশে শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সম্বোধন কৰে সংগঠনটোৰ প্ৰথমখন সংবাদমেল। উক্ত সংবাদ মেলত শিৱসেনা, অসম প্ৰদেশৰ সাংগঠনিক সংযোজক অশ্বিনী কুমাৰ দাসে কয় ১৯৫১ চনক ভিত্তি বর্ষ হিচাপে লৈ এনআৰচি উন্নীতকৰণ হ'ব লাগে। ২০২০চনত দেশত হ'ব লগা এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত যদি অসমৰ নাম অন্তভুক্তি নহয় তেন্তে অনাগত দিনত শিৱসেনা, অসম প্ৰদেশে কাৰ্যসূচী ঘোষণা কৰিব।

ইয়াৰ উপৰিও সংগঠনটোৱে ৰাজ্যখনত থকা বেচৰকাৰী প্ৰতিষ্ঠান, বাণিজ্যিক খণ্ড সমূহত ৮০শতাংশ থলুৱাক নিযুক্তি দিব লাগে বুলিও দাবী উত্থাপন কৰাৰ লগতে ৰাজ্যখনত থকা কেন্দ্ৰীয় চৰকাৰৰ  অনুষ্ঠান প্ৰতিষ্ঠান সমূহত ৬০-৭০ শতাংশ থলুৱা নিযুক্তি প্ৰদান কৰিব লাগে।

আনহাতে সংবাদ মেলতে শিৱসেনা, অসম প্ৰদেশৰ সাংগাঠনিক সম্পাদক দেৱজিত ডেকাই অসমত থকা ভাৰতীয় তথা অসমীয়া ইছলামধৰ্মী লোকসকলক অনুৰোধ জনায় কয় যে হিন্দু ধৰ্মীয় অনুভূতিক আঘাত হনা গো-হত্যাৰ দৰে কাৰ্যসমূহ তেওঁলোকে বন্ধ কৰিব লাগে।

Your Comments