অসমীয়া ছবিৰ জগতত সোণালী ইতিহাস ৰচনা কৰি ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠা ছয়গাঁও জীয়ৰী তথা অসম গৌৰৱ ৰীমা দাসৰ দ্বিতীয় খন ছবি বুলবুল কেন ছিংৰ আজি ৰাজ্যজুৰি হ'ব শুভমুক্তি।ৰাজ্যৰ মুঠ ২৯টাকৈ চিত্ৰগৃহত মুক্তিপাব ৰাষ্ট্ৰীয় পৰ্যায়ত ৰজত কমল বঁটা লাভ কৰা বহু চৰ্চিত ছবিখন।উল্লেখ্য যে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত মুঠ ৪০খনকৈ ছবি মহোৎসৱত প্ৰদৰ্শন হোৱা বুলবুল কেন ছিং ছবিখনে আজুৰি আনিবলৈ সক্ষম হৈছে শ্ৰেষ্ঠ ছবিৰ পৰা আৰম্ভ কৰি জুৰিৰ বিশেষ বঁটালৈকে মুঠ ১৩টাকৈ বঁটা। ৰীমা দাসৰে প্ৰথমখন ছবি ভিলেজ ৰকষ্টাৰ পাছত আজি মুক্তি পোৱা বুলবুল কেন ছিং ছবিখনৰ নামো অস্কাৰৰ বাবে নাম প্ৰেৰণ কৰা হৈছে।
আনহাতে বৃহস্পতিবাৰে ছবিখনৰ প্ৰিমীয়াৰ শ্ব'ৰ প্ৰদৰ্শন হয় মহানগৰীৰ পিভিআৰ চিটি চেণ্টাৰত।উক্ত প্ৰিমীয়া শ্ব'ত আৰম্ভণিৰ পৰা শেষলৈকে উপস্থিত থাকে ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী নৱ দলে, অগপ নেতা ডঃ কমলা কলিতা, বিধায়িকা আঙুৰলতা ডেকা।
মুখ্যমন্ত্ৰী সোনোৱালে ছবিখনৰ পৰিচালক ৰীমা দাসৰ সৈতে একেলগে বহি আৰম্ভণিৰ পৰা শেষলৈকে উপভোগ কৰে ছবিখন।ছবিখন চাই মুখ্যমন্ত্ৰীয়ে কয় বহুদিনৰ মূৰত এনেদৰে হ'লত ছবি চাই নষ্টালজিক হৈ পৰিলোঁ।গ্রাম্য জীৱনৰ পটভূমিক তুলি ধৰা ছবিখন চায় ভাল পোৱা বুলি জানিবলৈ দিয়ে।
ইফালে বৃহস্পতিবাৰ বিশেষ দর্শনিত উপস্থিত থাকে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বহুকেইজন সমল ব্যক্তি।
- Log in to post comments
- 20 views