অস্কাৰৰ বাবে প্ৰেৰণ কৰা হৈছে ৰীমা দাসৰ 'বুলবুল কেন ছিং'ক:শুকুৰবাৰে ৰাজ্যজুৰি শুভমুক্তি

Rima

শুকুৰবাৰে ৰাজ্যজুৰি মুক্তি লাভ কৰিব ৰীমা দাসৰ বহুচৰ্চিত ছবি 'বুলবুল কেন ছিং'-এ।'ৰজত কমল বঁটা' লাভ কৰা ছবিখন ইতিমধ্যে প্ৰদৰ্শন কৰা হৈছে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৪০ খনতকৈ অধিক চলচ্চিত্ৰ মহোৎসৱত।ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়ালৈ ছবিখনে লাভ কৰিবলৈ সক্ষম হৈছে ১৩ টাকৈ বিশেষ সন্মান।তাৰ ভিতৰত মুম্বাই ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ ছবিৰ সন্মান, বাৰ্লিন ফিল্ম ফেষ্টিভেলত লাভ কৰিছিল জুৰীৰ বিশেষ বঁটা।এই কথা বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে পৰিচালক ৰীমা দাসে। উল্লেখ্য যে অতি কম প্ৰচাৰৰ মাজতে ছবিখন মুক্তি দিব লগা প্ৰসংগত পৰিচালক ৰীমা দাসে কয়-'বুলবুল কেন ছিং ছবিখন আজি এসপ্তাহৰ পূৰ্বে অস্কাৰৰ বাবে পঠোৱা হৈছে।অস্কাৰৰ নিয়ম অনুসৰি ছবিখন ২৮ ছেপ্টেম্বৰৰ ভিতৰত মুক্তি দিয়া হ'ব লাগে।সেই বাবে আমি প্ৰচাৰ কৰিব নোৱাৰাকৈ মুক্তি দিব লগা হৈছে।'গুৰুত্বপূৰ্ণ কথা এই যে ইয়াৰ পূৰ্বে ৰীমা দাসৰ  'ভিলেজ ৰকষ্টাৰ' অস্কাৰৰ বাবে মনোনীত হৈছিল।

আনহাতে,সংবাদমেলখনত ছবিখনৰ মূল চৰিত্ৰ বুলবুলৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী অৰ্ণালী দাস,চুমুৰ চৰিত্ৰ ৰূপায়ণ কৰা মনোৰঞ্জন দাস আৰু বণীৰ চৰিত্ৰত অভিনয় কৰা বণিতা ঠাকুৰীয়া উপস্থিত থাকে। উল্লেখ্য যে ছবিখনত চুমুৰ চৰিত্ৰত অভিনয় কৰা মনোৰঞ্জন দাসে  ছিংগাপুৰ ফিল্ম ফেষ্টিভেলত শ্রেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।গুৰুত্বপূৰ্ণ কথাটো এই যে অভিনয় ক্ষেত্ৰখনত মনোৰঞ্জনৰ এয়া প্ৰথম অভিনয়।

আনহাতে বুলবুল কেন ছিং সন্দৰ্ভত পৰিচালক ৰীমা দাসে কয়-'ভিলেজ  ৰকষ্টাৰতকৈ গভীৰ হ'ব চৰিত্ৰটো।মূলত: নৱ-প্ৰজন্মই উপভোগ কৰি ভাল পাব ছবিখন। ছবিখনত আৱেগক গৌণ কৰি মূল্যবোধক গুৰুত্ব দিয়া হৈছে।উল্লেখ্য যে ভিলেজ ৰকষ্টাৰত ব্যৱহাৰ কৰা  ডিএছএলআৰতে  দৃশ্যগ্ৰহণ কৰা ছবিখনত প্ৰকৃতিৰ বাস্তৱ পৰিৱেশ প্ৰদৰ্শন কৰা  হৈছে।

সংবাদমেলত সমূহ অসমবাসীক ছবিখন উপভোগ কৰাৰ বাবে আহ্বান জনায় পৰিচালক ৰীমা দাসৰ লগতে ছবিখনৰ সকলো কলা-কুশলীয়ে। অতি কম সময়ৰ ভিতৰতে ছবিখন মুক্তি দিবলগা হোৱাৰ বাবে অসমবাসীৰ ৰাইজৰ ওচৰত ক্ষমাও বিচাৰে ৰীমা দাসে।

Your Comments