শুকুৰবাৰে ছবিগৃহলৈ আহিব ৰজত কমল বঁটাপ্ৰাপ্ত ছবি 'বুলবুল কেন ছিং'

bulbul can sing

নিউজ ডেস্ক :
অৱশেষত শুকুৰবাৰে ছবিগৃহলৈ আহিব ছয়গাঁও জীয়ৰী তথা অসমৰ গৌৰৱ ৰীমা দাসৰ দ্বিতীয়খন ছবি বুলবুল কেন সিং।ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত উজ্বলি উঠিছে এই ছবিখন।লাভ কৰিছে বহু কেইটা ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান।তাৰ ভিতৰত ৰজত কমল বঁটা অন্যতম।

ইফালে শুকুৰবাৰে সমগ্ৰ অসমৰ প্ৰায়সংখ্যক ছবিঘৰতে মুক্তি পাব লগা ছবিখনক লৈ আশাবাদী পৰিচালক ৰীমা দাস আৰু কলা-কুশলী সকল।আনহাতে ছবিখনৰ শুভমুক্তিৰ বাবে বুধবাৰে আমেৰিকাৰ পৰা আহি ছয়গাঁওত উপস্থিত হৈছে পৰিচালক ৰীমা দাস।

গুৰুত্বপূৰ্ণ কথা এই যে শুকুৰবাৰে মুক্তি লাভ  কৰিব লগা ছবিখনৰ আজি সন্ধিয়া হ'ব প্ৰিমিয়াৰ শ্ব' গুৱাহাটীত হ'ব লগা এই বিশেষ দর্শনীত চলচ্চিত্ৰ ক্ষেত্ৰৰ একাংশ বচা-বচা সমল ব্যক্তি উপস্থিত থাকিব।উক্ত দর্শনীত পৰিচালক ৰীমা দাস আৰু 'বুলবুল কেন ছিং'ৰ কলা-কুশলীসকলো উপস্থিত থাকিব।rima

আনহাতে  শুক্ৰবাৰে মুক্তি পাবলগা বহু চৰ্চিত ছবিখনক লৈ আজি বিয়লি তিনিবজাত পৰিচালক ৰীমা দাসে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল সম্বোধন কৰিব।উক্ত সংবাদ মেলৰ জৰিয়তে ছবিখন আদৰি লোৱাৰ বাবে অসমবাসীক আহ্বান জনাব। উল্লেখ কথা এই যে "ভিলেজ ৰকষ্টাৰৰ" পাছত বুলবুল কেন সিং হৈছে ৰীমা দাসৰ দ্বিতীয়খন ছবি। আনহাতে অহা বর্ষৰ জানুৱাৰীৰ পৰা পুনৰ নতুন ছবিৰ কাম আৰম্ভ কৰিব ৰীমা দাসে।

Your Comments