৭০-৮০ৰ দশকত বিৰাণা,দো গজ জমিন কে নিছে,দৰৱাজা,পুৰাণা মন্দিৰ,পুৰাণি হাৱেলি নামৰ কেইখনমান হ'ৰৰ ছবি চিত্ৰগৃহলৈ আহিছিল।উক্ত ছবিকেইখন হিট ছবি হিচাপেই চিহ্নিত হৈছিল।ছবিকেইখনৰ পৰিচালক আছিল হ'ৰৰ ছবি নিৰ্মাণৰ বাবে খ্যাত 'ৰামছে ব্ৰাদাৰ্ছ'ৰ শ্যাম ৰামছে।এই শ্যাম ৰামছেৰে মঙলবাৰে নিশা মৃত্যু ঘটে।মুম্বাইৰ আন্ধেৰীস্থিত বাসভৱনত নিশা অসুস্থ হৈ পৰাৰ পিছত পৰিয়ালৰ লোকে তেওঁক হাস্পতাললৈ নিয়ে যদিও চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে।
- Log in to post comments
- 10 views