হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :
পৰিবৰ্তনগামী বিজেপি চৰকাৰে প্লাষ্টিক বৰ্জনৰ সিধান্ত গ্ৰহণ কৰিছে যদিও কিছু অসাধু ব্যৱসায়ীয়ে বৰ্তমানো বজাৰত প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰ তথা বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে | বৃহস্পতিবাৰে লংকাত প্লাষ্টিক জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই হোজাই জিলা প্ৰশাসন আৰু স্বচ্চ ভাৰত মিচনে | লংকা পৌৰ সভাৰ অন্তৰ্গত পিয়লী বজাৰ, শাক-পাচলী বজাৰ, মাছ বজাৰৰ বিভিন্ন বিপনীত জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত ,স্বচ্চ ভাৰত মিচনৰ সদস্য সহ লংকা পৌৰ সভাই দোকানে দোকানে সোমাই প্লাষ্টিকেৰে তৈয়াৰী গ্লাছ, কাপ-প্লেট, পলিথিনৰ বেগ আদি প্ৰায় ছয় হাজাৰ টকা মূল্যৰ সামগ্ৰী জব্দ কৰে | জব্দ কৰা প্লাষ্টিকৰ সামগ্ৰীসমূহ মেচিনৰ দ্বাৰা চিন্ন বিচিন্ন কৰা হ'ব বুলিও সাংবাদিকক জানিব দিয়ে | আনহাতে আকৌ উক্ত অভিযানত বাধা আৰোপ কৰিবলৈ চেষ্টা কৰা এখন বিপনীত কৰ্মৰত এজন কৰ্মচাৰীক লংকা আৰক্ষীয়ে আটক কৰি লংকা থানালৈয়ো লৈ আহে |
- Log in to post comments
- 19 views