চতিয়া সমষ্টিৰ চৰ চাপৰিত উচ্ছেদ অভিযান চলোৱাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান বহুকেটা জাতীয় সংগঠনৰ 

padma

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন :

শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত নদুৱাৰ ৰাজহচক্ৰ এলেকাৰ কৈৰয়নী, ভৰলী চাপৰি, গটাইমাৰী, ননকে গটাইমাৰী, দিঘলী চাপৰী, বালিচাপৰী আৰু লালেটাপুত বসতি কৰা সন্দেহজনক নাগৰিক সকলক উচ্ছেদ কৰাৰ দাবী জনাই সোমবাৰে শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক স্মাৰক পত্ৰ প্ৰদান কৰে বিভিন্ন জাতীয়  সংগঠনে ৷ জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত  সদৌ জামুগুৰি ছাত্ৰ সন্থা, অসম জাতীয়তাৱাদী যুৱ-ছাত্ৰ পৰিষদৰ জামুগুৰি আঞ্চলিক কমিটি, অসম চাহজনজাতি ছাত্ৰসন্থাৰ নদুৱাৰ শাখা, অসম আদিবাসী ছাত্ৰ সন্থাৰ নদুৱাৰ আঞ্চলিক সমিতি, মিচিং ছাত্ৰ সন্থাৰ (টি,এম,পি,কে) পূৱ জীয়াভৰলী আঞ্চলিক সমিতি, গোৰ্খা ছাত্ৰ সন্থাৰ জামুগুৰি আঞ্চলিক সমিতি, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ নদুৱাৰ আঞ্চলিক সমিটিকে ধৰি কেইবাটাও জাতীয়  সংগঠনৰ নেতৃবৰ্গই বিধায়ক পদ্ম হাজৰিকাক সাক্ষাৎ কৰি চতিয়া সমষ্টিৰ চৰ চাপৰি অঞ্চল সমুহৰ  সন্দেহ জনক লোক সকলক উচ্ছেদ কৰাৰ দাবী জনায় ৷ শোণিতপুৰ জিলা উপায়ুক্তক উক্ত সংগঠন সমুহে সুকিয়া সুকিয়াকৈ স্মাৰক প্ৰদান কৰাৰ পাচত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক স্মাৰক পত্ৰ প্ৰদান কৰে ৷ বিধায়ক গৰাকীয়ে জাতীয় সংগঠন সমুহৰ স্মাৰক পত্ৰ গ্ৰহণ কৰি শীঘ্ৰে চতিয়া সমষ্টিৰ চৰ-চাপৰি অঞ্চলত অবৈধভাৱে মাটি বেদখল কৰি বাস কৰা সন্দেহ জনক লোক সকলক আইন সন্মত ভাবে প্ৰশাসনৰ জৰিয়তে উচ্ছেদ চলোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷সংগঠন সমুহৰ সৈতে হোৱা আলোচনা কালত বিধায়ক পদ্ম হাজৰিকাই আক্ষেপ প্ৰকাশ কৰি  কয় যে চতিয়া সমষ্টিৰ এই অতি স্পৰ্শকাতৰ বিষয়টোক লৈ এটা দুষ্ট চক্ৰই ঘৃননীয় ৰাজনীতিৰ জৰিয়তে জাউতীযুগীয়া সমন্বয় সম্প্ৰীতি বিনস্ত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে ৷ গতিকে এই ক্ষেত্ৰত আমাৰ সকলোবোৰ জাতীয় সংগঠন আৰু বিভিন্ন সামজিক সাংস্কৃতিক অনু্ষ্ঠান প্ৰতিষ্ঠান সমুহে সতৰ্ক দৃষ্টি ৰখা উচিত৷চতিয়া সমষ্টিৰ বাহিৰৰ একাংশ ৰাজনৈতিক দালালে ইচলাম ধৰ্ম্মালম্বী সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজৰ মাজত অপপ্ৰচাৰ চলাই ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰিবলৈ পৰিকল্পনা কৰাৰ তথ্যয়ো সময়ে সময়ে পোহৰলৈ আহি আছে ৷ গতিকে মই বিধায়ক হিচাবে প্ৰশাসনক সস্তম হৈ থাকিবলৈ আহবান জনাইছো ৷ লালটাপু অঞ্চলৰ ব্যৱসায় কেন্দ্ৰ সমুহৰ চৰকাৰী মাটিত যিসকল বহিৰাগত লোকে অবৈধ ভাবে দোকান ঘৰ সাজিছে সেই সমুহক শীঘ্ৰে উচ্ছেদ কৰি তাত পঞ্চায়তৰ জৰিয়তে ব্যৱসায় গৃহ নিৰ্মাণ কৰি সেই অঞ্চলৰে সংখ্যালঘু নিবনুৱা যুৱক সকলক আৱন্টন দি সংস্হাপিত কৰা হ'ব ৷ বিধায়ক গৰাকীয়ে আৰু জানিবলৈ দিয়া মতে চতিয়া সমষ্টিৰ চৰ চাপৰি অঞ্চলত যুগযুগ ধৰি বসবাস কৰি অহা ইছলাম ধৰ্ম্মালম্বী সংখ্যালঘু লোক সকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দ্বায়িত্ব মই বিধায়ক হিচাবে সদায় নিষ্ঠাৰে পালন কৰি আহিছো ৷ কিন্তু সমষ্টিটোৰ বাহিৰৰ হোজাই, লংকা, মৰিগাঁও, ধুবুৰী কে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি চতিয়া সমষ্টিৰ চৰ চাপৰিৰ চৰকাৰী মাটি  বেদখল কৰি অবৈধ ভাবে ঘৰ দুৱাৰ সাজি পিছত সেই মাটি চৰা দামত বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় চলোৱা ধুৰন্ধৰ দাদাল সকলক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব বুলিও সতৰ্ক কৰি দিয়ে বিধায়ক গৰাকীয়ে ৷ অহা ১৫ চেপ্তেম্বৰৰ ভিতৰত জিলা প্ৰশাসনে উল্লিখিত বেদখলীকৃত এলেকাবোৰত উচ্ছেদ অভিযান চলাব বুলিও বিধায়ক পদ্ম হাজৰিকাই জানিবলৈ দিয়ে।

Your Comments