ঘগ্ৰাপাৰত পৰিপুষ্টি অভিযান কাৰ্যসূচীৰ শুভাৰম্ভণি

ghagrapar

 নৰেণশৰ্মা,বাহাৰঘাট :

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰখনে দেশৰ শিশুসকলৰ পুষ্টিহীনতা আৰু কিশোৰ-কিশোৰী আৰু গৰ্ভৱতী মহিলাসকলৰ ৰক্তহীনতা দুৰীকৰণৰ উদ্দেশ্য ২০১৮ চনৰ পৰা পৰিপুষ্টি(পোষণ)অভিযান কাৰ্য্যসূচী চলাই আহিছে।২০২০ চনৰ ভিতৰত সমগ্র দেশতে উক্ত সমস্যা নিৰ্মূলৰ উদ্দেশ্য আগত ৰাখি চৰকাৰে সমাজ কল‍্যাণ বিভাগৰ জৰিয়তে সময়ে সময়ে বিভিন্ন কাৰ্য্যসূচী ৰূপায়ণ কৰি আহিছে।সেই অনুসৰি বিগত বৰ্ষৰ দৰেই এই বেলিও সমগ্র দেশতে ছেপ্টেম্বৰ মাহটো ৰাষ্ট্ৰীয় পুষ্টি মাহ হিচাপে পালন কৰা হৈছে।উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি সোমবাৰে ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ সংহত উন্নয়ন প্ৰকল্পৰ উদ‍্যোগত পৰিপুষ্টি অভিযান কাৰ্য্যসূচীৰ শুভাৰম্ভণি কৰা হয়।আনহাতে পৰিপুষ্ট আহাৰৰ ভিটামিন,মিনাৰেল আৰু প্ৰটিন যুক্ত খাদ্যৰ প্ৰদৰ্শনী মেলাও অনুষ্ঠিত কৰে।উক্ত মেলাত অঞ্চলটোৰ কেইবাগৰাকী প্ৰসুতিক সামাজিক পৰম্পৰা ৰক্ষা কৰি পঞ্চামৃত ভোজন কৰোৱা হয়।তদুপৰি অংগনৱাড়ী কেন্দ্ৰৰ কণ কণ শিশুসকলক হাতধোঁঁৱা পদ্ধতিসমূহ প্ৰদৰ্শন কৰি এক সজাগতাৰ সৃষ্টি  কৰা হয়।প্ৰভাতফেৰী আৰু প্ৰদৰ্শনী মেলাৰ সামগ্ৰিক পৰিচালনা কৰে প্ৰকল্পটোৰ বিষয়া মজ্ঞৰী ডেকা আৰু সেৱিকা দীপশিখা দাসে।সেই উপলক্ষে প্ৰকল্পটোৰ অধীনস্থ নীলপুৰ অংগনৱাড়ী কেন্দ্ৰৰ পৰা আজি পূৱা প্ৰভাত ফেৰী  উলিয়ায।আনহাতে পূৱা ১১:৩০ বজাত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ লগতে অঞ্চলটোৰ ৰাইজে পৰিপুষ্টি সজাগতা অভিযানৰ ওপৰত আন এটি বৃহৎ সমদল উলিয়ায়।সমদলটি আনুষ্ঠানিকভাৱে মুকলি কৰে -- দিহজাৰী গাঁওপঞ্চায়তৰ সভাপতি দীপক কলিতাই।শোভাযাত্ৰাকাৰী সকলে হাতে হাতে বেনাৰ ,ফেষ্টুন লৈ ৰক্তহীনতা পৰা শিশু-মাতৃক ৰক্ষা কৰক,বাল‍্য বিবাহ বন্ধ কৰক,মুক্তভাৱে শৌচ- প্ৰস্ৰাৱ কৰা বন্ধ কৰক,পলিঅ, মুক্ত অসম গঢ়ক আদি শ্লোগান দি প্ৰায় দুইশতাধিক সমদকাৰীয়ে সজাগতাৰ হকে অভিযান চলায়।

Your Comments