মৰিগাঁৱৰ পৰা জিতুমণি নাথ
মৰিগাঁও নগৰত আজি দুপৰীয়াৰ অহা এজাক বৰষুণতে সমগ্ৰ নগৰখন কৃত্ৰিম বানপানীত ডুব যোৱাত সৰ্বসাধাৰণৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ এই কৃত্ৰিম বানপানীৰ ফলত নগৰখনৰ ব্যৱসায়ীসকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হ’বলগীয়াত পৰে। কৃত্ৰিম বানত গুৱাহাটী, নগাঁও, মৈৰাবাৰী, দমাল, নগৰখনৰ ভিতৰলৈ যোৱা কেইবাটাও গড়কাপ্তানি পথ কৃত্ৰিম বানপানীত ডুব যোৱাত পথচাৰীসকলে ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰে। তদুপৰি নগৰখনৰ ব্যৱসায়ীসকলো বিস্তৰ ক্ষতিৰ সন্মুখীন হয়। নগৰখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মায়া বজাৰত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ ফলত ব্যৱসায়ীসকলে ব্যৱসায় আধাতে বন্ধ কৰিব লগাত পৰে। আনহাতে নগৰখনৰ বহু ব্যৱসায়ী প্ৰতিষ্ঠানত বানৰ পানী প্ৰবেশ কৰাত ব্যৱসায়ীসকলে বিস্তৰ ক্ষতিৰ সন্মুখীন হয়। শাসক দল বিজেপিৰ দখলত থকা মৰিগাঁও পৌৰসভাই চাৰে চাৰি বছৰ অতিক্ৰম কৰিলে যদিও আজিলৈকে নগৰ খনৰ উন্নয়নৰ ক্ষেত্ৰত পৌৰসভাই কোনো ধৰণৰ চকুত লগা কাম কৰা দেখা নাপালে নগৰবাসীয়ে। ইফালে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে নগৰখনৰ উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাটোৱে নগৰবাসীৰ মাজত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া। বিধান সভা নিৰ্বাচনত মৰিগাঁও নগৰৰ সমস্যা তিনি মাহৰ ভিতৰত সমাধান কৰিব বুলি বিধায়ক ৰমাকান্ত দেউৰীয়ে দিয়া আশ্বাস আশ্বাসতে থকাত নগৰবাসীৰ মাজত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়া। মূলতঃ মৰিগাঁও নগৰৰ প্ৰধান সমস্যাটো হৈছে নগৰখনত থকা পানী নিস্কাশনৰ নলাসমূহ বিজ্ঞানসন্মত নোহোৱাত নগৰ খনৰ ভিতৰৰ পানী বাহিৰলৈ যাব নোৱাৰে।ফলত বৰষুণ বেছি হলে পানী সমূহ ব্যৱসায়ী প্ৰতিষ্ঠানত প্ৰবেশ কৰাৰ লগতে পথ সমুহৰ ওপৰত জমা হৈ পৰে। এই ক্ষেত্ৰত নগৰ খনৰ মূল সমস্যাটো দূৰ কৰাৰ বাবে জিলা উপায়ুক্তক এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ মৰিগাঁও ব্যৱসায়ী মহলে আহ্বান জনাইছে।
- Log in to post comments
- 11 views