বঙাইগাঁওঃ
অসম কেন্দ্ৰীক শাসনৰ অধীনত প্ৰস্তাৱিত কমতাপুৰ অঞ্চলৰ জনগণ সুৰক্ষিত নহয় ৷ সেয়ে এই জনসাধাৰণৰ স্বাৰ্থত অতি সোনকালে কমতাপুৰ ৰাজ্য গঠন কৰিব লাগে ৷ এই দাবী সদৌ অসম কোচ ৰাজবংশী যুৱ- ছাত্ৰ সন্মিলনীৰ ৷ আজি বঙাইগাঁও চহৰৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত সংগঠনটোৰ সভাপতি ত্ৰৈলোক্য ৰায়ে এই দাবী জনায় ৷ সংবাদ মেলত সভাপতি ৰায়ে ক্ষোভ প্ৰকাশ কৰি কয় যে কমতাপুৰৰ ভূভাগ অসমৰ লগত চামিল হোৱাৰ পিছত ভূমি পুত্ৰ কোচ ৰাজবংশীকে ধৰি কমতাপুৰ অঞ্চলত বসবাস কৰা জনগণৰ জনজীৱন দুৰ্বিষহ হৈ পৰিছে ৷ ইয়াৰ প্ৰমাণ শেহতীয়াকৈ প্ৰকাশ পোৱা এন আৰ চি ৰ চূড়ান্ত তালিকা ৷ কাৰণ এই চূড়ান্ত তালিকাত প্ৰস্তাৱিত কমতাপুৰ অঞ্চলতে এন আৰ চিত স্বদেশীৰ নাম অন্তৰ্ভুক্ত নোহোৱা ব্যক্তিৰ সংখ্যা অধিক ৷ তাৰোপৰি এন আৰ চিৰ নামত অসম ৰাজ্য গঠন হোৱাৰ বহু বছৰ পূৰ্বৰ বাসিন্দাই অসম চৰকাৰৰ বিদেশী ন্যায়াধিকৰণৰ ওচৰত ভাৰতীয় হোৱাৰ প্ৰমাণ দিবলৈ অপৰাধীৰ দৰে উপস্থিত হ'ব লগা পৰিস্থিতি আমাৰ বাবে চৰম অপমানজনক ৷ সেয়ে বৈধ নথি পত্ৰ থকাৰ পিছতো কিয় বহু ব্যক্তিৰ নাম এন আৰ চি ত সন্নিবিষ্ট নহ'ল ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে ইয়াৰ লগত জড়িত ষড়যন্ত্ৰকাৰী ব্যক্তিসকলোক শাস্তি প্ৰদানৰ দাবী জনায় ৷ সংবাদ মেলত সভাপতি ৰায়ে পুনৰ কয় যে অসমৰ শাসনত প্ৰস্তাৱিত কমতাপুৰ অঞ্চলৰ জনগণ সুৰক্ষিত আৰু উপকৃত নহয় আৰু এই কথা আমি আগৰে পৰা কৈ আহিছো ৷ কিন্তু এইবাৰ এন আৰ চি য়ে পুনৰ প্ৰমাণ কৰিলে ৷ এই অঞ্চলতে এন আৰ চি ত নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত খেলি মেলি অধিক হৈছে ৷ এই অঞ্চলত থকা গৰিয়া-মৰিয়া দেশীসকল ,সূত্ৰধৰসকল তথা ভাৰত স্বাধীন হোৱাৰ পূৰ্বৰে পৰা ৰজাৰ দিনৰ পৰা থকা বঙালী লোক, চৰ অঞ্চলত থকা মাছমৰীয়া লোকসকল এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে ৷ কিন্তু বেলেগ অঞ্চলত হোৱা নাই ৷ এন আৰ চিকলৈ যিমান গুৰুত্ব প্ৰদান কৰিব লাগিছিল এই অঞ্চলত গুৰুত্ব দিয়া নহ'ল ৷ আনকি ভূমিপুত্ৰ জনগোষ্ঠীৰ ব্যক্তিৰ ১৯৫১ চন কিয় তাৰ বহু আগৰ যিখিনি লোকৰ কাগজ পাতি মজুত আছে তেনে বহুত মানুহৰ নাম এন আৰ চিৰ পৰা কৰ্তন কৰা হ'ল ৷ সেয়ে ইয়াত নিশ্চয় এটা ডাঙৰ ষড়যন্ত্ৰ লুকাই আছে ৷ আমি দাবী কৰিছো যে যিখিনি লোকে জমা দিবলগীয়া সকলো নথি- পত্ৰ জমা দিয়াৰ পিছতো তেওঁলোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নহ'ল সেই বিষয়ত এটা উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন আছে ৷ কাৰণ ইয়াত এটা ষড়যন্ত্ৰকাৰী লুকাই আছে আৰু এই ষড়যন্ত্ৰকাৰীক বিচাৰি উলিয়াই দৃষ্টান্তমূলক শাস্তি দিব লাগে ৷ সেয়ে আমি কৈছো যে অসম কেন্দ্ৰীক শাসনত প্ৰস্তাৱিত কমতাপুৰ অঞ্চলত জনগণ সুৰক্ষিত নহয় আৰু এই জনসাধাৰণৰ স্বাৰ্থত অতি সোনকালে কমতাপুৰ গঠন কৰাৰ বাহিৰে আৰু ইয়াৰ আন কোনো বিকল্প নাই ৷ কমতাপুৰ গঠন নহলে অসমৰ অধীনত থাকিলে আমি বাৰে বাৰে এই ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব বুলি কয় ৷ আনহাতে এন আৰ চি পুনৰীক্ষণৰ দাবী জনাই সংগঠনটোৰ সভাপতিগৰাকীয়ে কয় যে এছ টি, এছ চি, অ বি চি আৰু এম অ বি চিৰ যিসকল লোকৰ পৰিয়ালৰ সদস্যৰ নাম এন আৰ চিত বাদ পৰিছে সেই সকলোৰ নাম জাতিৰ প্ৰমাণ পত্ৰৰ ভিত্তিতেই এন আৰ চি ত অন্তৰ্ভুক্তৰ দাবী জনায় ৷ ইপিনে এন আৰ চি সন্দৰ্ভত আছুুৰ মন্তব্য তথা কৰ্ম কাণ্ডত আমাৰ ক'বলগীয়া আছে বুলি কৈ সভাপতি ৰায়ে কয় যে আজি এন আৰ চিত ভূমিপুত্ৰ তথা বহু খিলঞ্জীয়া মানুহৰ নাম নাই ৷ যি সকলৰ জৰিয়তেই আচলতে অসম আন্দোলন সম্ভৱ হৈছে সেই মানুখিনিৰ নাম এন আৰ চিত নাই ৷ এই ক্ষেত্ৰত আছুৱে স্পষ্ট নীতি এটা গ্ৰহণ কৰিব লাগিছিল যদিও আমি কিন্তু এতিয়ালৈকে তেনে কোনো স্পষ্ট নীতি দেখিবলৈ পোৱা নাই ৷ ভূমিপুত্ৰৰ নাম কৰ্তন হোৱা বিষয়ত আছুৰ স্থিতি স্পষ্ট নহয় ৷ এতিয়া আছুৱে এন আৰ চি বিষয়ত উচ্চতম ন্যায়ালয়লৈ যাব বিচাৰিছে ৷ কিন্তু আমি আছুৰ নেতৃত্বক এটা কথা স্পষ্ট কৰিব বিচাৰিছো যে তেওঁলোকে উচ্চতম ন্যায়ালৰ কাষ চপাৰ পূৰ্বে ন্যায়ালয়ক কি ক'ব সেয়া ৰাজহুৱা কৰিব লাগে ৷ যদি সেই কথাখিনি ৰাইজৰ আগত ব্যক্ত নকৰে তেতিয়াহলে তেওঁলোকে আমাৰ প্ৰস্তাৱিত কমতাপুৰৰ যিখিনি অঞ্চল সেই অঞ্চলখিনিক বাদ দি বাকীখিনি অঞ্চলৰ বাবে ন্যায়ালয়লৈ যাওক ৷ আনহাতে সংবাদ মেলত উপস্থিত থকা সংগঠনটোৰ উপদেষ্টা ত্ৰিদীপপতি সিংহই কয় যে কোচ ৰাজবংশীসকল এই অঞ্চলৰ এটা খিলঞ্জীয়া জনগোষ্ঠী ৷ এই ভূখণ্ডত কোচ ৰাজবংশীসকলৰ এটা ইতিহাস আছে আৰু জনগোষ্ঠীটোৰ এয়া গৃহভূমি ৷ কিন্তু তাৰ পিছতো কিছুমান জাতি - জনগোষ্ঠীক এন আৰ চি য়ে 'ৱাই ' বুলি লিখিছে যদিও কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত জনগোষ্ঠীটোৰ লোক সকলে খিলঞ্জীয়া বুলি প্ৰমাণ কৰিবলগীয়া হৈছে ৷ যিখিনৰ ক্ষেত্ৰত 'ৱাই' লিখিছে সেইসকল কিন্তু অসমৰ খিলঞ্জীয়া জনগোষ্ঠী নহয় ৷ অথচ তেওঁলোকৰ বাবে কোনো প্ৰমাণ প্ৰত্ৰৰ প্ৰয়োজন নহ'ল ৷ পোনপতীয়াকৈ তেওঁলোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰা হ'ল ৷ ইয়াৰ বিপৰীতে কোচ ৰাজবংশীসকলে অপৰাধীৰ দৰে প্ৰমাণ পত্ৰ দাখিল কৰিবলগীয়া হ'ল ৷ এষাৰ জনগোষ্ঠীটোৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক আৰু অপমানজনক কথা ৷ তাৰোপৰি বহু কোচ ৰাজবংশী লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্তি নোহোৱাৰ বিষয়টোৱে পূৰ্বৰে পৰা জনগোষ্ঠীটোক নি:শেষ কৰাৰ যি ষড়যন্ত্ৰ চলি আহিছে তাৰ এটা অংশ বুলি সন্দেহ ব্যক্ত কৰে ৷ সংবাদ মেলত সংগঠনটোৰ সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়, বঙাইগাঁও জিলা সমিতিৰ উপ সভাপতি দেৱেন দাস , সহকাৰী সম্পাদক পৰমেশ্বৰ বৰ্মন আদিও উপস্থিত আছিল ৷
- Log in to post comments
- 18 views