বঙাইগাঁৱত যান- বাহন( সংশোধনী) আইন ২০১৯ সন্দৰ্ভত জিলা পৰিবহন বিভাগৰ সংবাদ মেল 

bgn

বঙাইগাঁওঃ 

যান - বাহন চলোৱাৰ ক্ষেত্ৰত এতিয়াৰে পৰা সকলোৱে সাৱধান হওক ৷ লগতে মানি চলক যান- বাহন আইন ৷ অন্যথা যান - বাহন আইন ভংগ কৰাসকলে সাজু থাকক বৃহৎ পৰিমাণৰ জৰিমনাৰ ধন আদায় দিয়াৰ বাবে ৷ কেৱল ধন আদায় দিলেই নহ'ব ৷ জেললৈকো যাবলৈ সাজু থাকিব লাগিব ৷ কাৰণ পহিলা ছেপ্টেম্বৰৰ পৰা দেশজুৰি বলবৎ কৰা হৈছে যান - বাহন ( সংশোধনী) আইন - ২০১৯ ৷ বলবৎ কৰা এই কঠোৰ আইন অনুসৰি যান- বাহন আইন ভংগকাৰীসকলক অপৰাধ অনুসৰি বিভিন্ন জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তিনি বছৰ পৰ্যন্ত কাৰাবাস দিয়াৰ বিধান ৰখা হৈছে ৷ সেয়ে যান-বাহন চলোৱাসকলে সাৱধানতা অবলম্বন কৰাৰ লগতে আইনখন মানি চলাতোৱে হ'ব মংগলজনক ৷ ইপিনে এই যান- বাহন সংশোধনী আইনখন সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ অৰ্থে বঙাইগাঁও জিলা পৰিবহন বিভাগৰ তৰফৰ পৰা আজি ( মঙলবাৰে) বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰ আয়োজন কৰে ৷ সংবাদ মেলত জিলা পৰিবহন বিষয়া দ্বীপজ্যোতি নেওগে পহিলা ছেপ্টেম্বৰৰ পৰা দেশজুৰি বলবৎ হোৱা যান- বাহন (সংশোধনী) আইন- ২০১৯ ত যান - বাহন ভংগকাৰীসকলৰ বিৰুদ্ধে সন্নিবিষ্ট কৰা জৰিমনা তথা শাস্তিৰ বিষয়ে উল্লেখ কৰে ৷ জিলা পৰিবহন বিষয়াগৰাকীয়ে কয় যে বৰ্তমানৰ পৰিস্থিতিত এনে কঠোৰ আইন প্ৰণয়ন কৰাটো প্ৰয়োজন হৈ পৰিছিল ৷ কাৰণ যান - বাহন আইন ভংগকাৰীসকলৰ বিৰুদ্ধে পূৰ্বৰ যি আইন আছিল, সেই অনুসৰি জৰিমনাৰ পৰিমাণ কম আছিল ৷ যাৰ ফলত আইন ভংগকাৰীসকলে কোনো গুৰুত্ব দিয়া নাছিল ৷ কিন্তু এইবাৰ আইন ভংগকাৰীসকলে জৰিমনা ভৰিবলগীয়াহ'লে বহুবাৰ ভাবিব লাগিব ৷ এইবাৰ জৰিমনাৰ হাৰ পূৰ্বৰ তুলনাত বহু পৰিমাণে বৃদ্ধি কৰা হৈছে ৷  তাৰোপৰি অপৰাধ অনুসৰি জেললৈকো যাবলগীয়া হ'ব আইন ভংগকাৰীয়ে ৷ সেইদৰে তিনিমাহ পৰ্যন্ত ড্ৰাইভিং লাইচেন্স নিলম্বন কৰা হ'ব ৷ গতিকে দুচকীয়া বাহন চলাওতে হেলমেট নিপিন্ধাজনেও এতিয়াৰে পৰা হেলমেটটো পিন্ধিব বুলি আশা কৰিছো ৷ ইয়াত ব্যক্তিজনৰ সুৰক্ষাৰ দিশটো জড়িত হৈ থাকে ৷ সংবাদ মেলত জিলা পৰিবহন বিষয়া দ্বীপজ্যোতি নেওগে উল্লেখ কৰা মতে যোৱা আগষ্ট মাহত বঙাইগাঁও জিলাত যান- বাহন আইন ভংগ কৰা সন্দৰ্ভত পৰিবহন বিভাগে মুঠ ৫৯২ টা গোচৰ পঞ্জীয়ণ কৰে আৰু ইয়াৰ ভিতৰত ২৩৪ টা আছিল হেলমেট সম্পৰ্কীয় ৷ এই সমূদায় গোচৰৰ পৰা মুঠ ৫,৫৩,৩০০ টকা জৰিমনা আদায় কৰা হয় ৷ হেলমেটৰ ক্ষেত্ৰত আইন প্ৰয়োগ কৰিও সফল হ'ব পৰা নগৈছিল ৷ কিন্তু এইবাৰ হেলমেট পৰিধান কৰিবলৈ সকলোকে বাধ্য কৰাৰ বাবে জৰিমনাৰ পৰিমাণ বঢ়াই দিয়া হৈছে ৷ সেই অনুসৰি এতিয়াৰে পৰা হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহন চলোৱাজনে ভৰিব লাগিব ১০০০ টকা ৷ অকল সেয়াই নহয় ,লগতে মটৰ চাইকেল আৰোহীজনৰ তিনি মাহৰ বাবে বাতিল হ'ব লাইচেন্স ৷ পূৰ্বে হেলমেট পৰিধান নকৰাকে মটৰ চাইকেল চলালে ১০০ ৰ পৰা ৩০০ টকালৈ জৰিমনা বিহা হৈছিল ৷ আনহাতে দুচকীয়া বাহনত দুজনতকৈ অধিক ব্যক্তি উঠিলে আদায় দিব লাগিব ১০০০ টকা জৰিমনা ৷ লগতে তিনি মাহৰ বাবে বাতিল হ'ব বাহন চলোৱাজনৰ লাইচেন্স ৷ ইপিনে আইনখনত নাবালকে বাহন চলোৱা বিষয়টোত অধিক কঠোৰতা অৱলম্বন কৰা হৈছে ৷ এতিয়াৰে পৰা যদি কোনো নাবালকে দুচকীয়া বা চাৰিচকীয়া  বাহন চলায় তেতিয়াহলে ২৫,০০০ টকা জৰিমনা ভৰিব লাগিব আৰু নাবালকৰ অভিভাৱক বা বাহনৰ গৰাকীকক দোষী সাব্যস্ত কৰি ৩ বছৰ জেল হ'ব ৷ লগতে অভিযুক্ত নাবালকে ২৫ বছৰ নোহোৱালৈকে লাইচেন্সৰ বাবে আবেদন কৰিব নোৱাৰিব ৷ আইনখনত লাইচেন্স অবিহনে বাহন চলালে ৫০০০ টকা জৰিমনা, ভয়ানকভাৱে গাড়ী চলালে ৫০০০ টকা জৰিমনা, সুৰামত্ত হৈ গাড়ী চলালে ১০,০০০ টকা জৰিমনা, তীব্ৰ বেগত গাড়ী চলালে ৫০০০ টকা জৰিমনা, গাড়ী চলাওতে মোবাইল ফোন ব্যৱহাৰ কৰিলে ৫০০০ টকা জৰিমনা, গাড়ীৰ অনুজ্ঞা পত্ৰ অবিহনে গাড়ী চলালে ১০,০০০ টকা জৰিমনা , ছিটবেল্ট পৰিধান নকৰিলে ১০০০ টকা জৰিমনা , গাড়ীৰ ইঞ্চুৰেন্স নোহোৱাকৈ গাড়ী চলালে ২০০০ টকা জৰিমনা,গাড়ীত নিৰ্দিষ্ট পৰিমাণতকৈ অত্যাধিক বোজা কঢ়িয়ালে ২০,০০০ টকাৰ লগতে প্ৰতি টন অতিৰিক্ত বোজাত ২০০০ টকাকৈ জৰিমনা ভৰিব লাগিব ৷ ইয়াৰ উপৰিও গাড়ীত অত্যাধিক যাত্ৰী কঢ়িয়ালে প্ৰতিজন অতিৰিক্ত যাত্ৰীৰ বাবদ ২০০ টকা জৰিমনা, টিকত নোহোৱাকৈ যাত্ৰা কৰিলে ৫০০ টকা জৰিমনা জৰিমনা ভৰিব লাগিব ৷ আনহাতে জৰুৰী কালীন সেৱাৰ গাড়ী, এম্বুলেন্স বা অগ্নি নিৰ্বাপক গাড়ীক বাট এৰি নিদিয়া চালকে ভৰিব লাগিব ১০,০০০ টকা জৰিমনা ৷ একেদৰে গাড়ীৰ বডীৰ আগফালে-পাছফালে বা দুয়োকাষে ওলাই থকাকৈ বোজা কঢ়িয়ালে ভৰিব লাগিব ২০,০০০ টকা জৰিমনা ৷ লগতে আতৰাব লাগিব ওলাই থকা বোজা ৷ ইপিনে তীব্ৰ গতিৰে গাড়ী চলালে ১০০০ ৰ পৰা ২০০০ টকা জৰিমনা ভৰিব লাগিব ৷ আইনখনত ড্ৰাইভিং লাইচেন্সৰ ম্যাদ উকলিবলৈ এবছৰ বাকী থকা অৱস্থাতো লাইচেন্সখন নৱীকৰণ কৰাৰ সুবিধা প্ৰদান কৰা হৈছে ৷ আনহাতে আইনখনত থকা এটা ভাল দিশ হ'ল যে এতিয়াৰে পৰা পথ দুৰ্ঘটনাত পতিত কোনো আহত লোকক যদি কোনোবাই সেৱাৰ মনোভাৱেৰে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে বা শুশ্ৰূষা কৰে তেতিয়াহলে সেই উদ্ধাৰকাৰী লোকজনৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা লোৱা নহ'ব বুলিও কয় ৷ আইনখনত ইয়াৰ উপৰিও আন কিছুমান নীতি- নিয়ম সন্নিবিষ্ট কৰা হৈছে বুলি জিলা পৰিবহন বিষয়াগৰাকীয়ে সংবাদ মেলত উল্লেখ কৰে ৷ তেওঁ বিগত ২০১৮ বৰ্ষত বঙাইগাঁও জিলাত মুঠ ১৫৪ টা পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি তথ্য সদৰি কৰি অই দুৰ্ঘটনাৰ ফলত ৬৭ গৰাকী লোকৰ মৃত্যু হয় বুলি কয় ৷ এই পথ দুৰ্ঘটনাসমূহৰ ভিতৰত বেছি ভাগেই দুচকীয়া বাহনৰ দুৰ্ঘটনা আছিল আৰু মৃত্যু হোৱাসকলৰ বেছি ভাগেই হেলমেট পৰিধান কৰা নাছিল বুলিও কয় ৷ জিলা পৰিবহন বিষয়াগৰাকীয়ে সকলোকে এই যান - বাহন আইনখন মানি চলিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে বঙাইগাঁও জিলা পৰিবহন বিভাগে ইতিমধ্যে এই আইন খন সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে লিফলেট বিতৰণ আদি কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ আজি বিভিন্ন স্থানত বিভাগৰ তৰফৰ পৰা বাহন চলোৱা সকলৰ মাজত লিফলেট বিতৰণও  কৰে ৷ সংবাদ মেলত পৰিবহন বিভাগৰ এম ভি আই অচিন্ত কুমাৰ সেন, বঙাইগাঁও আৰক্ষীৰ যান বাহন শাখাৰ আৰক্ষী বিষয়া আদিৰ লগতে পৰিবহন বিভাগৰ অন্যান্য বিষয়াসকলো উপস্থিত থাকে ৷

Your Comments