তেজপুৰত 'কাঞ্চনজংঘা'ৰ প্ৰচাৰ চলালে জুবিন গাৰ্গে

zubin

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন

ব্ৰাহ্মণ সমাজৰ স'তে বুজাপৰা হোৱাৰ পিছত অভিনীত ছবি 'কাঞ্চনজংঘা'ৰ প্ৰচাৰকাৰ্য প্ৰৱল কৰি তুলিছে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গে।জনপ্ৰিয় কন্ঠশিল্পীজনে শনিবাৰে তেজপুৰৰ দৰং মহাবিদ্যালয়,তেজপুৰ মহাবিদ্যালয়ৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত হৈ অনুৰাগীৰ প্ৰৱল উচ্ছাসৰ মাজতে শীঘ্ৰে মুক্তি পাবলগীয়া ছবিখনৰ প্ৰচাৰ চলায়।শনিবাৰে দিনৰ ভাগত তেওঁ ছবিখনৰ অন্যান্য শিল্পী, কলা-কুশলীৰ স'তে প্ৰথমে তেজপুৰৰ দৰং মহাবিদ্যালয়ত উপস্থিত হয় । কাঞ্চনজংঘাৰ দুটি গীত গুণগুণাই জুবিন গাৰ্গে ছবিখন উপভোগ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জনায় । প্ৰসংগক্ৰমে সম্প্ৰতি বন্ধ হৈ থকা সকলোবোৰ চিত্ৰগৃহ মুকলিৰ প্ৰচেষ্টা হাতত ল'ব বুলি মন্তব্য কৰে । উল্লেখ্য যে জনপ্ৰিয় কন্ঠশিল্পীজন মহাবিদ্যালয়ত উপস্থিত হোৱাৰ সময়ত তেওঁক এবাৰ কাষৰ পৰা চোৱাৰ লগতে ছেল্ফী উঠাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হেতা- ওপৰা লাগে । আনহাতে দৰং মহাবিদ্যালয়ৰ দুজনমান ছাত্ৰ-ছাত্ৰীয়ে নিজ হাতেৰে জুবিন গাৰ্গৰ হুবহু চিত্ৰ অংকণ কৰি শিল্পীগৰাকীক উপহাৰ হিচাপে প্ৰদান কৰে । তাৰ পিচত,শিল্পীগৰাকীয়ে তেজপুৰ মহাবিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰচাৰ চলায় ।

Your Comments