কহিনুৰ থিয়েটাৰৰ মঞ্চত বিদ্যুৎস্পৃষ্ট হৈ পোহৰ শিল্পীৰ মৃত্যু

kohinoor

সোমবাৰে কহিনুৰ থিয়েটাৰৰ মঞ্চত সংঘটিত হয় এটা দুৰ্ভাগ্যজনক ঘটনা।প্ৰাপ্ত তথ্য মতে,বৰপেটা জিলাৰ পাঠশালাত ভ্ৰাম্যমাণ থিয়েটাৰ দলটোৱে সোমবাৰে নিশা নাটকৰ আখৰা কৰি থাকোঁতেই এগৰাকী পোহৰ শিল্পীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটে।থিয়েটাৰ দলটোত বিগত ৩২ বছৰ ধৰি কাম কৰা দেৱেন বৰা নামৰ পোহৰ শিল্পীজনে আখৰাত নাটকৰ দ্বিতীয় দৰ্শনীৰ প্ৰস্তুতি চলাই থকা সময়তে বিদ্যুৎস্পৃষ্ট হৈ মঞ্চত ঢলি পৰে।

দেৱেন বৰাক কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে তেওঁক  মৃত বুলি ঘোষণা কৰে।শিল্পীগৰাকীৰ বিয়োগত ভ্ৰাম্যমাণৰ কলা-কুশলী সমাজত গভীৰ শোকৰ ছাঁ পৰিছে।

Your Comments