ৰাজ্যখনৰ অগ্ৰণী সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠীৰ উদ্যোগত কালি নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰত অসমীয়া সাহিত্য জগতৰ অন্যতম মহীৰূহ ডঃ ভৱেন্দ্ৰ নাথ শইকীয়াৰ ১৫সংখ্যক মৃত্যুতিথিৰ লগতে 'বিৰিণা বৈভৱ' শীৰ্ষক গোষ্ঠীটোৰ মাহেকীয়া সাহিত্য আলাপ অনুষ্ঠানটি সম্পন্ন হয় ।
কালি সন্ধিয়া ৰামপুৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সাহিত্য আলাপ আৰু স্মৃতিচাৰণ অনুষ্ঠানটো সঞ্চালনা কৰে বিৰিণা গোষ্ঠীৰ সভাপতি লীলাধৰ পাঠকে ।
বন্তি প্ৰজ্জ্বালন কৰে অৱসৰী প্ৰধান শিক্ষক ৰমাকান্ত গোস্বামীয়ে । ডঃ ভৱেন্দ্ৰ নাথ শইকীয়াৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে সাহিত্যসেৱী তথা সমাজকৰ্মী জগদাচৰণ তালুকদাৰে ।
স্মৃতি তৰ্পণ মুকলি কৰি দিয়া ভাষণত বিশিষ্ট অভিনেতা তথা নাট্যকাৰ উদয় চন্দ্ৰ বৰ্মনে ডঃ ভৱেন্দ্ৰ নাথ শইকীয়াৰ সৃষ্টিৰাজি ইংৰাজী ভাষালৈ অনুবাদ কৰাৰ পোষকতা কৰে ।
গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে আঁতধৰা সভাখনত 'শৃংখল'ৰ স্ৰষ্টাগৰাকীক স্মৰণ কৰাৰ লগতে তেখেতৰ সাহিত্যৰাজিৰ ওপৰত আলোকপাত কৰা হয় ।
অনুষ্ঠানটোত চিন্ময় ডেকা, ৰমণী নাথ, বাবুল বণিক্য, জেহেৰুল ইছলাম, সুৰজিত পাঠক, ইছমাইল হুছেইন, সংগীতা মেধি, তফিকুৰ ৰহমান আদি কেইবাগৰাকী কবিৰ কবিতা পাঠ আৰু পৰ্যালোচনা কৰা হয় ।
গোষ্ঠীটোৰ সহযোগী সম্পাদক ৰমণী নাথে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত উপস্থিত থাকি সদৌ অসম সাংবাদিক সন্থাৰ সম্পাদক নকুল তালুকদাৰ আৰু বৰপেটা জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি খনীন পাঠকে সাহিত্য-সংস্কৃতিৰ ওপৰত বিশদ ব্যাখ্যা দাঙি ধৰে ।
উল্লেখ্য যে বিৰিণা গোষ্ঠীৰ উদ্যোগত প্ৰতিমাহে এটি বিশেষ দিনত ৰাজ্যখনৰ ভিন ভিন ঠাইত 'বিৰিণা বৈভৱ' শীৰ্ষক এক ব্যতিক্ৰমী সাহিত্য আলাপ আৰু স্মৃতি চাৰণ অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে ।
অহা ৮ ছেপ্টেম্বৰত বৰপেটা জিলাৰ সৰ্থেবাৰীত পৰৱৰ্তী অনুষ্ঠানটি অনুষ্ঠিত হ'ব বুলি বিৰিণা গোষ্ঠীয়ে জানিবলৈ দিয়ে ।
- Log in to post comments
- 6 views