শিশুসকলৰ বৌদ্ধিক, সামাজিক, সাংস্কৃতিক আৰু নৈতিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে জন্মলাভ কৰা নগাঁও জিলাৰ উদয়ন মইনা পাৰিজাতৰ ১৯সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু দেশৰ ৭২সংখ্যক স্বাধীনতা দিৱস অহা ১৫ আৰু ১৬ আগষ্টত আয়োজন কৰা হৈছে ৷
উত্তৰ জাজৰি প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা দিৱসৰ কাৰ্যসূচী অনুসৰি ১৫ আগষ্টত পুৱা ৰাষ্ট্ৰীয় পতাকা আৰু মইনা পাৰিজাতৰ পতাকা উত্তোলনৰ অন্তত চিত্ৰাংকন, কুইজ, কবিতা আবৃত্তি, মৌ-মেল আৰু বিচিত্ৰানুষ্ঠান অনুষ্ঠিত হ’ব ৷
ইয়াৰ পাছতে অনুষ্ঠিত হ’ব বঁটা বিতৰণী সভা ৷ নিশা শিশুনাট ‘ক্ষীতিশ বেজৰ চিটিংবাজি’, ‘আখৰা’ আৰু সামাজিক নাট ‘জীয়া মানুহৰ সমাধি’ মঞ্চস্থ কৰা হ’ব ৷ ১৬ আগষ্টৰ নিশা বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে দুদিনীয়া কাৰ্যসূচীৰ সামৰণি মৰা হ’ব বুলি উদ্যোক্তাসকলে জনাইছে ৷
- Log in to post comments
- 17 views