নগাঁও জিলাৰ কঠীয়াতলিত "নটৰাজ" নৃত্যাংগনৰ প্ৰতিষ্ঠা দিৱস পালন

নগাঁও জিলাৰ কঠীয়াতলিত "নটৰাজ" নৃত্যাংগনৰ প্ৰতিষ্ঠা দিৱস পালন

নগাঁও জিলাৰ কঠীয়াতলিৰ "নটৰাজ" নৃত্যাংগন বিদ্যালয়ৰ ১৫সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

অনুষ্ঠানত কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত অধ্যক্ষক সম্বৰ্ধনা জনোৱাৰ লগতে নটৰাজ নৃত্যাংগন বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

নগাঁও জিলাৰ কঠীয়াতলিত "নটৰাজ" নৃত্যাংগনৰ প্ৰতিষ্ঠা দিৱস পালন

অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই সাংস্কৃতিক অনুষ্ঠানে দৰ্শকৰ মন মুহিবলৈ সক্ষম হয় ৷ সহস্ৰাধিক দর্শকৰ উপস্থিতিত প্ৰদৰ্শন কৰা নৃত্যানুষ্ঠানে দৰ্শকৰ পৰা বিপুল সমাদৰ লাভ কৰে ৷

উল্লেখ্য যে অসম তথা সমগ্ৰ ভাৰতবৰ্ষত বিভিন্ন সময়ত সুনাম বুটলিবলৈ সক্ষম হোৱা প্ৰশিক্ষক নীলাক্ষী বৰাই অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰি নৱপ্ৰজন্মই আগন্তুক দিনত এই অনুষ্ঠানসমূহক জীয়াই ৰাখিবলৈ আহ্বান জনায় ।

Your Comments