'কন্যকা'ত উৎপাদিত সকলো সামগ্ৰী অৰুণাচলত প্ৰচলন কৰা হ'ব : মন্ত্ৰী টাগে টাকী 

kanyaka

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা

'চতিয়াত পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত গঢ়ি উঠা 'কন্যকা'ৰ দ্বাৰা উৎপাদিত সকলো সামগ্ৰী অৰুণাচলৰ ৰাইজৰ মাজত প্ৰচলনৰ বাবে শীঘ্ৰে এখন বিপনী আৰম্ভ কৰিম । কন্যকাৰ গুৰ, মিঠাতেল, মাছ, গাখীৰ, দৈ, ক্ৰীম, ঘীৰ সোৱাদ অৰুণাচলবাসীক দিয়াৰ লগতে কন্যাকত উৎপাদিত গামোচা, চাদৰ মেখেলা আদিৰো প্ৰচলন ঘটাম'---এই মন্তব্য অৰুণাচল চৰকাৰৰ কৃষি আৰু মীন মন্ত্ৰী টাগে টাকীৰ ।বুধবাৰে জামুগুৰিহাটত কন্যকাৰ একাধিক লঘু উদ্যোগৰ সা-সামগ্ৰী বিক্ৰীৰ বাবে স্থাপন কৰা 'কন্যকা বহুমুখী বিপণন কেন্দ্ৰ' নামৰ এখন বিপনী উদ্বোধন কৰি অৰুণাচলৰ মন্ত্ৰীগৰাকীয়ে এনেদৰে কয় । চতিয়া সমষ্টিৰ উদ্যমী যুৱক নিৰজ হাজৰিকাৰ তত্ত্বাৱধানত স্থাপন কৰা বিপনীখনৰ শুভ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে চতিয়া সমষ্টিটোৰ নিবনুৱা যুৱক- যুৱতী তথা মহিলাসকলক স্বাবলম্বী কৰি তুলিবলৈ বিধায়ক পদ্ম হাজৰিকাই যি প্ৰচেষ্টা হাতত লৈছে,সেয়া সঁচাকৈয়ে আমাৰ বাবে আদৰ্শস্বৰূপ বুলিও মত ব্যক্ত কৰে । বিপনীখন উদ্বোধন কৰি উঠি বিপনীৰ লগতে থকা মিঠাতেলৰ উদ্যোগ, পশুধনৰ দানাৰ উদ্যোগ, গামোচা-চাদৰ-মেখেলাৰ উদ্যোগকে ধৰি একাধিক উদ্যোগ পৰিদৰ্শন কৰি অভিভূত হৈ পৰে মন্ত্ৰীগৰাকীৰ লগতে মন্ত্ৰীগৰাকীৰ পত্নী । kanyaka2

ইফালে উক্ত উদ্বোধনী অনুষ্ঠানৰ পিছতে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে পদ্ম হাজৰিকাৰ কৰ্মৰ ভুয়সী প্ৰশংসা কৰি কয় যে চতিয়া সমষ্টিত গঢ়ি উঠা এনে উদ্যোগেহে প্ৰকৃততে এটা সমষ্টিৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰি তুলিব পাৰে । নাইকিয়া কৰিব পাৰে নিবনুৱাৰ দৰে ভয়াৱহ এক সমস্যা । উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীয়ে কন্যাকত তৈয়াৰী মাটিৰ পাত্ৰত একাপ চাহ পান কৰি উঠি মাটিৰ বিশেষ পাত্ৰটোৰ প্ৰশংসা বাৰে বাৰে কৰা দেখা গ'ল । এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীক সংগ দিয়ে বিধায়ক পদ্ম হাজৰিকাৰ পত্নী স্মৃতিৰেখা হাজৰিকা,পুত্ৰ নিৰজ হাজৰিকা,নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত  বৰাকে ধৰি ভালেকেইজন বিশিষ্ট লোকে ।

Your Comments