গহপুৰত বিদ্যালয়-অংগনৱাড়ী কেন্দ্ৰ আকস্মিক পৰিদৰ্শন মহকুমা প্ৰশাসনৰ

গহপুৰত বিদ্যালয়-অংগনৱাড়ী কেন্দ্ৰ আকস্মিক পৰিদৰ্শন মহকুমা প্ৰশাসনৰ

গহপুৰৰ মহকুমাধিপতিৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ডঃ ইন্দ্ৰানসী দাসৰ নিৰ্দেশক্ৰমে অলপতে মহকুমা প্ৰশাসনৰ কেইগৰাকীমান বিষয়াই গহপুৰৰ বহুকেইখন বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন কৰে ।

গহপুৰত বিদ্যালয়-অংগনৱাড়ী কেন্দ্ৰ আকস্মিক পৰিদৰ্শন মহকুমা প্ৰশাসনৰ

গহপুৰৰ ৰাজহ চক্ৰ বিষয়া ৰমী বৰুৱা, হেলেমৰ চক্ৰ বিষয়া বিমান দাস, সহকাৰী আয়ুক্ত ৰিংকু বড়ো, হেলেমৰ সংলগ্ন চক্ৰ বিষয়া মৃদুল নাথ আৰু গহপুৰৰ সংলগ্ন চক্ৰ বিষয়া মনীষা নাথে মহকুমাটোৰ বিভিন্ন প্ৰান্তৰ ২৯খন বিদ্যালয় আৰু ২২টা অংগনৱাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰে ৷

গহপুৰত বিদ্যালয়-অংগনৱাড়ী কেন্দ্ৰ আকস্মিক পৰিদৰ্শন মহকুমা প্ৰশাসনৰ

পৰিদৰ্শনকালত বিদ্যালয় আৰু কেন্দ্ৰসমূহত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মুঠ সংখ্যা আৰু উপস্থিতি, শিক্ষক, কৰ্মী, সহায়িকা আদিৰ উপস্থিতিৰ বহী তথা আকস্মিক ছুটীৰ বহীৰ উপলব্ধতা, খোৱাপানী, ডাষ্টবিন, মধ্যাহ্ন ভোজন আদিৰ পৰ্যাপ্ত ব্যৱস্থা, শৌচাগাৰ-প্ৰস্ৰাৱাগাৰ, ৰান্ধনিঘৰ আদি আন্তঃগাঁথনিগত সা-সুবিধা ইত্যাদি বিষয়ৰ বুজ লয়।

Your Comments