১৫ আগষ্টত উপৰখুটিৰ ৰাজপথত  উৰিব ৩. ৫ কি: মি: দৈৰ্ঘৰ ৰাষ্ট্ৰীয় পতাকা

১৫ আগষ্টত উপৰখুটিৰ ৰাজপথত  উৰিব ৩. ৫ কি: মি: দৈৰ্ঘৰ ৰাষ্ট্ৰীয় পতাকা

সমগ্ৰ দেশৰ লগতে  বাক্সা জিলাৰ তামুলপুৰ মহকুমাতো স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতি চলিছে । এইবাৰৰ স্বাধীনতা দিৱসতে তামুলপুৰ মহকুমাৰ  অন্তৰ্গত উপৰখুটিৰ  চানৰাইজ যুৱ সংঘই এক ব্যতিক্ৰমী প্ৰয়াসগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। অহা ১৫ আগষ্ট তাৰিখে দেশৰ ৰাষ্ট্ৰীয় পতাকা খনক সন্মান জনাই ভাৰত ভূটান সীমান্তৰ উপৰখুটিৰ ৰাজপথত  ১১৩৪০ ফুট (৩. ৫ কি: মি:) দীঘল ৰাষ্ট্ৰীয় পতাকা এখন উৰুওৱাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তোলা বুলি জানিব পৰা গৈছে। উপৰখুটিৰ চানৰাইজ যুৱ সংঘৰ কেইজনমান উদীয়মান যুৱকৰ প্ৰচেষ্টাত যোৱা ১ আগষ্টৰ পৰা ৬টা চিলাই মেচিনৰে দিন ৰাতি একাকাৰ কৰি ৰাষ্ট্ৰীয় পতাকাখন নিৰ্দিষ্ট সময়ৰ আগে আগে প্ৰস্তুত কৰি উৰোৱাবলৈ প্ৰস্তুতি চলাইছে । 

চানৰাইজ যুৱ সংঘৰ এক সূত্ৰৰ মতে অসম কন্যা হিমা দাসে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত  স্বৰ্ণ জয়ৰ প্ৰতি শ্ৰদ্ধা জনায় এই ৰাষ্ট্ৰীয় পতাকাখন হিমা দাসৰ নামত উচৰ্গা কৰিব। সংঘই ৰাষ্ট্ৰীয় পতাকা খনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ লগতে দেশপ্ৰেমক আন্তঃৰাষ্ট্ৰীয়  পৰ্যায়ত তুলি ধৰাৰ বাবে এয়া তেওঁলোকৰ এক অনন্য প্ৰয়াস বুলি জানিব দিয়ে । 

ইফালে সংঘৰ কৰ্মকৰ্তা সকলে ৰাষ্ট্ৰীয় পতাকা খন নিৰ্মাণ কৰাৰ দিনেৰ পৰাই ভিন্ন প্ৰান্তৰ পৰা পুৰুষ-মহিলা,  ডেকা-গাভৰু আহি পতকা খনৰ নিৰ্মাণ কাৰ্য প্ৰত্যক্ষ কৰিছে আৰু সকলোৱে সংঘৰ কৰ্মকৰ্তা সকলৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে । আহা ১৫ আগষ্টত উৰুৱাবলগীয়া এই ৰাষ্ট্ৰীয় পতাকাখন প্ৰত্যক্ষ কৰিবলৈ তামোলপুৰ অঞ্চলৰ লগতে দাঁতিকাষৰীয়া নানা স্থানৰ জনসাধাৰণ  উৎসুক হৈ থকা বুলি জানিব পৰা গৈছে।

Your Comments