ৰঙিয়াত শঙ্কৰী সংগীত বিদ্যালয় উদ্বোধন 

ৰঙিয়াত শঙ্কৰী সংগীত বিদ্যালয় উদ্ধোধন 

ৰঙিয়াৰ শংকৰদেৱ নগৰত আজি অসমৰ জলসিঞ্চন তথা ৰাজহ মন্ত্ৰী ভৱেশ কলিতাই শঙ্কৰী সংগীত বিদ্যালয় এখন উদ্বোধন কৰে।মন্ত্ৰী গৰাকীয়ে বিদ্যালয়খন উদ্ধোধন কৰি কয় যে শংকৰদেৱে জাতিটোক দি থৈ যোৱা একশৰণ নাম ধৰ্মকে অন্যতম সমল হিচাপেলৈ গোটেই সমাজখনক বান্ধি ৰাখিবলৈ আজিকোপতি শংকৰদেৱ সংঘই যি প্ৰচেষ্ঠা অব্যাহত ৰাখিছে তাৰ শলাগ নলৈ নোৱাৰি। 

rangia_vor-tal

উক্ত সভাতে নতুন প্ৰজন্মক আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে  কয় যে শংকৰদেৱৰ আৰ্দশ,কৃষ্টি আৰু তত্ত্বক আজিৰ নতুন প্ৰজন্মই বিশ্বৰ চাৰিওফালে বিয়পাই  লৈ যাবলৈ অহোপুৰুষাৰ্থ কৰিব লাগিব।আজি মুকলি কৰা শঙ্কৰী সংগীত বিদ্যালয়খনৰ জৰিয়তে ৰঙিয়াবাসীয়ে শংকৰী কলা-কৃষ্টিৰ প্ৰতি আকৰ্ষিত হব বুলিও তেওঁ আশা প্ৰকাশ কৰে।আজিৰ অনুষ্ঠানটোত শংকৰ সংঘৰ ৰঙিয়া জিলা সমিতিৰ সভাপতি নগেন ডেকা, সাধাৰণ সম্পাদক শৰৎ ডেকাই উপস্থিত থাকি নিজ বক্তব্যত  কয় যে এই শংকৰী সংগীত বিদ্যালয়খনৰ জৰিয়তে বৰগীত,সত্ৰীয়া নৃত্য, মাটি আখৰা, বালক কৃষ্ণ নৃত্য, নাদুভংগী নৃত্য, গোসাঁই নাচ,চালি নৃত্য, ভোৰতাল নৃত্য, খোল বাদ্যৰ ওপৰত প্ৰশিক্ষণ দিয়া হ‘‘'ব।

আজিৰ অনুষ্ঠানটোত শংকৰদেৱ সংঘৰ জিলা সম্পাদক ধৰ্মেশ্বৰ দাস, সাংস্কৃতিক সম্পাদক যতিন ডেকা, মুনিন্দ্ৰ মালাকাৰ সহ বহুলোকে উপস্থিত থাকে।

Your Comments