নাৰায়ণপুৰত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন 

নাৰায়ণপুৰত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন 

নাৰায়ণপুৰ জ্যেষ্ঠ নাগৰিক সংস্থাৰ উদ্যোগত আৰু লক্ষীমপুৰ জিলা স্বাস্থ্য বিভাগৰ সহযোগত নাৰায়ণপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত আজি এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় । উক্ত চিকিৎসা শিবিৰটোত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ডেৰ শতাধিক লোকৰ চকু পৰীক্ষা কৰাৰ লগতে বিনামুলীয়াকৈ ঔষধ আৰু চশমা প্ৰদান কৰা হয় । 

eye_narayanpur

শিবিৰটোত লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ চকু বিশেষজ্ঞ ডা: অমৃত কুমাৰ ভূঞা,  বিহপুৰীয়া চিকিৎসালয়ৰ চিকিৎসক ডা: বিশ্বেশ্বৰ ভূঞা আৰু ধলপুৰ চিকিৎসালয়ৰ চিকিৎসক ডা: নবকান্ত দাসে চিকিৎসা প্ৰদান কৰে । নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডা: অতুল চন্দ্ৰ খাউণ্ডৰ তত্বাৱধানত চিকিৎসালয়খনৰ চিকিৎসক-কৰ্মচাৰী সকলে চিকিৎসা শিবিৰটো সাফল্যমণ্ডিত কৰাত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়ায় । 

শিবিৰটোত নাৰায়ণপুৰ জ্যেষ্ঠ নাগৰিক সংস্থাৰ সভাপতি ভদ্ৰেশ্বৰ হাজৰিকা, কাৰ্যকৰী সভাপতি বীৰেন্দ্ৰ নাথ ভাগৱতী, সম্পাদক বীৰেন শৰ্মা, মুহিম  হাজৰিকা, জীবন ভূঞা , থানুৰাম দত্ত , ইন্দ্ৰ হাজৰিকা  প্ৰমুখ্যে কেইবাজনো জ্যেষ্ঠ নাগৰিক  উপস্থিত থাকে ।

Your Comments