মোবাইল নিষিদ্ধ ছয়দুৱাৰ মহাবিদ্যালয়ত

মোবাইল নিষিদ্ধ ছয়দুৱাৰ মহাবিদ্যালয়ত

গহপুৰ মহকুমাৰ ঐতিহ্যমণ্ডিত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অঞ্জন কুমাৰ ওজাই মহাবিদ্যালয়ৰ চৌহদত  মোবাইল ফোনৰ ব‍্যৱহাৰ নিষিদ্ধ কৰি জাৰি কৰা এক জাননীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ সচেতন অভিভাৱক সকলক  উৎফুল্লিত কৰি তোলা এই জাননীৰ  সমান্তৰালভাবে মহাবিদ্যালয় খনৰ ছাত্ৰ সংসদৰ সাধাৰণ সম্পাদক গৰাকীয়েও মহাবিদ্যালয়ত সম্পূৰ্ণ গণবেশ পৰিধান কৰা, ছাত্ৰসকলে আধুনিক ফেচনৰ চোলাৰ পৰিবৰ্তে নিয়ম মাফিক চোলা পৰিধান কৰা, মহাবিদ্যালয়ত প্ৰৱেশৰ বাবে আই কাৰ্ড প্ৰদৰ্শন বাধ্যতামূলক কৰা৷ 

মহাবিদ্যালয়ত যান-বাহনসমূহ নিদিৰ্ষ্ট কৰি থোৱা স্থানত ৰখাটো বাধ্যতামূলক কৰা, বাইক আৰোহি ছাত্ৰ-ছাত্ৰীসকলে হেলমেট পৰিধান কৰি মহাবিদ্যালয়লৈ অহাটো বাধ্যতামূলক কৰাকে ধৰি ছাত্ৰ-ছাত্ৰীসকলে পৰাপক্ষত প্লাষ্টিক ব্যৱহাৰৰ পৰা আঁতৰত থকা, ৰেগিং সম্পূৰ্ণভাবে বন্ধ কৰাৰ বাবেও ছাত্র সংসদৰ তৰফৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। মহাবিদ্যালয় অধ্যক্ষ তথা ছাত্র সংসদৰ এনে ব্যতিক্ৰমী পদক্ষেপক সচেতন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক সকলে আদৰণি জনাইছে ।

Your Comments