মাজুলীত সোৱণশিৰিৰ বুকুত জাহ গ'ল ৪ গাঁও

মাজুলীত সোৱণশিৰিৰ বুকুত জাহ গ'ল ৪ গাঁও

নদীদ্বীপ মাজুলীত এইবাৰ বানে বিশেষভাৱে প্ৰভাৱ পেলোৱা নাই যদিও গৰাখহনীয়াই আতংকিত কৰি ৰাখিছে মাজুলীবাসীক । মাজুলীৰ ইমূৰৰ পৰা সিমূৰলৈ চপৰা-চপৰকৈ খহিছে গৰা ।

মাজুলীত সোৱণশিৰিৰ বুকুত জাহ গ'ল ৪ গাঁও

নামনি মাজুলীৰ মলয়া চাপৰিত সোৱনশিৰি নদীয়ে ভয়ংকৰ খহনীয়াৰ সৃষ্টি কৰিছে । এই খহনীয়াত মাজৰ চাপৰি, কংকুৰ, কোমলীয়া চাপৰি আদি ৪খনকৈ গাঁৱৰ ঘৰ-ভেটি, কৃষি পথাৰকে ধৰি সৰ্বস্ব নদীৰ বুকুত জাহ গৈছে ।

মাজুলীত সোৱণশিৰিৰ বুকুত জাহ গ'ল ৪ গাঁও

ফলত খহনীয়াগ্ৰস্ত লোকসকলে মুকলি আকাশৰ তলতে দিন পাৰ  কৰিবলগা হৈছে । মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ দায়িত্ব লোৱা ব্ৰহ্মপুত্ৰ বোৰ্ডক শেষতীয়াকৈ মাজুলীৰ খহনীয়া প্ৰতিৰোধৰ বাবে ২৩৭ কোটি টকা মোকলাই দিয়াৰ পাছতো কিন্তু সুৰক্ষিত হোৱা নাই মাজুলী ।

পুনৰ ব্ৰহ্মপুত্ৰ বোৰ্ডে মাজুলীবাসীক আঁভুৱা-ভাৰিছে নেকি  বুলি এতিয়া প্ৰতিজন মাজুলীবাসীয়ে প্ৰশ্ন উত্থাপন কৰিছে ৷

Your Comments