মুকলিৰ পূৰ্বেই জেংৰাইমুখ আদৰ্শ চিকিৎসালয়ত ফাঁট, তদন্তৰ দাবী

মুকলিৰ পূৰ্বেই জেংৰাইমুখ আদৰ্শ চিকিৎসালয়ত ফাঁট, তদন্তৰ দাবী

মাজুলী আয়ুৰ্বেদিক চিকিৎসালয় নিৰ্মাণৰ ক্ষেত্ৰত হোৱা বিভিন্ন বিসংগতিৰ ঘটনাই মাজুলীত প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ সময়তে জেংৰাইমুখ আদৰ্শ চিকিৎসালয়ৰ ওপৰ মহলাৰ বিভিন্ন দেৱালত ফাঁট মেলাৰ তথ্য পোহৰলৈ আহিছে ।

উল্লেখ্য যে যোৱা ৩ জুলাইত মাজুলী ভ্ৰমণলৈ অহা ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত জেংৰাইমুখ আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰিছিল ৷

মুকলিৰ পূৰ্বেই জেংৰাইমুখ আদৰ্শ চিকিৎসালয়ত ফাঁট, তদন্তৰ দাবী

সেই সময়ত ৰাইজে জনোৱা দাবীৰ পৰিপ্রেক্ষিতত অহা ১৫ আগষ্টত ৰাইজৰ সেৱাত চিকিৎসালয়খন মুকলি কৰাৰ কথা প্ৰকাশ তেওঁ প্ৰকাশ কৰিছিল ৷ মন্ত্ৰীগৰাকীৰ এই আশ্বাসত স্হানীয় লোকসকল উৎসাহিত হোৱা পৰিলক্ষিত  হৈছিল ৷

কিন্তু শেহতীয়াভাৱে চিকিৎসালয়খনৰ বিভিন্ন অংশত দেখা দিয়া ফাঁট আৰু জহি-খহি যাব ধৰা দৃশ্যই সচেতন ৰাইজক হতচকিত কৰি তুলিছে ৷ প্ৰকল্পটোৰ শৌচাগাৰৰ ছাদ অংশ, ৰোগীক ঠেলি নিয়াৰ বাবে নিৰ্মাণ কৰা কৰিডৰ আদিকে ধৰি ওপৰ মহলাৰ বিভিন্ন অংশত ফাঁট মেলা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

প্ৰায় ৪ কোটি ৯০ লাখ টকাৰ ব্যয়সাপেক্ষে এই প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য নিম্নমানৰ হোৱা বাবেই এনেদৰে ফাঁট মেলা বুলি চৰ্চিত হৈছে ৷ উল্লেখ্য যে চি জি কনষ্ট্ৰাকচন নামৰ বিতৰ্কিত সংস্থাটোৱে এই প্ৰকল্পটো নিৰ্মাণ কৰিছিল ৷

মুকলিৰ পূৰ্বেই জেংৰাইমুখ আদৰ্শ চিকিৎসালয়ত ফাঁট, তদন্তৰ দাবী

ইতিমধ্যে এই প্ৰকল্পটোৱে বিগত সময়ছোৱাত বহুকেইটা নিম্নমানৰ নিৰ্মাণকাৰ্য কৰাৰ ফলত বিতৰ্কৰ সৃষ্টি হৈছিল আৰু এতিয়া এই বিষয়টো পুনৰ চৰ্চালৈ আহিছে ।

বিভাগীয় বিষয়া-কৰ্মচাৰীৰ চূড়ান্ত গাফিলতি, দায়িত্বহীনতাৰ বাবে ঠিকাদাৰী পক্ষই আঁচনিৰ প্ৰাক্‌-কলনমতে আঁচনি ৰূপায়ণ নকৰাৰ পৰিপ্রেক্ষিতত যিকোনো মুহূৰ্ততে বিভিন্ন পকাৰ টুকুৰা ভাগি মানুহৰ গাত পৰাৰ আশংকাই দেখা দিছে ৷

লগতে অদূৰ ভৱিষ্যতে ঘটিবলগা সম্ভাৱ্য অনাকাংক্ষিত ঘটনাক লৈ এতিয়া চিন্তিত হৈছে স্হানীয় লোক ।

Your Comments