বৰহাট চাহবাগিচাত গুলীচালনাৰ শব্দ

বৰহাট চাহবাগিচাত গুলীচালনাৰ শব্দ


চৰাইদেউ জিলা সোণাৰিৰ বৰহাট চাহ বাগিচাত গুলীৰ শব্দ । স্বাধীনতা দিৱসলৈ মাজত মাথোঁ কেইটামান দিন বাকী ।

চৰাইদেউ জিলা সোণাৰিৰ বিভিন্ন প্ৰান্তত কটকটীয়া নিৰাপত্তা তথা নিশ্চিদ্ৰ তালাচী চলাই থকাৰ মাজতে শনিবাৰে সন্ধিয়া বৰহাট চাহ বাগিচাত গুলীৰ শব্দই আতংকিত কৰি তুলিছে জনসাধাৰণক ।

উল্লেখ্য যে বৰহাট চাহ বাগিচাত চলিত বৰ্ষৰ এপ্ৰিল মাহত আলফা(স্বা)য়ে নিৰ্বিচাৰ গুলীচালনা কৰিছিল । স্বাধীনতা দিৱসৰ পূৰ্বে আজি পূনৰ আলফা(স্বা)য়ে এই গুলীচালনা সংঘটিত কৰাৰ সন্দেহ কৰিছে জনসাধাৰণে । ইফালে বাগিচাখনত আৰক্ষী আৰু সেনাই তদন্ত কৰিছে ।

Your Comments