স্বাধীনতা দিৱস উদ্‌যাপনৰ বাবে বৰপেটাৰ উপায়ুক্তৰ আহ্বান

স্বাধীনতা দিৱস উদ্‌যাপনৰ বৰপেটাৰ উপায়ুক্তৰ আহ্বান

আগন্তুক স্বাধীনতা দিৱস উপলক্ষে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰি স্বাধীনতা দিৱসৰ দিনা প্ৰতিঘৰতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় ।

লগতে স্বাধীনতা দিৱসৰ দিনা চৰকাৰীভাৱে অনুষ্ঠিতব্য সকলো কাৰ্যসূচীতে ৰাইজৰ সক্ৰিয় সহযোগিতা আৰু উপস্থিতি তেওঁ কামনা কৰিছে ৷

উপায়ুক্তগৰাকীয়ে সকলো স্বেচ্ছাসেৱী অনুষ্ঠান-প্ৰতিষ্ঠানকে বিভিন্ন কাৰ্যসূচী ৰূপায়ণেৰে স্বাধীনতা দিৱস উদ্‌যাপন কৰিবলৈ আহ্বান জনাই ঐক্য, শান্তি আৰু সম্প্ৰতিৰ হকে দায়িত্বশীল ভূমিকা পালন কৰিব বুলিও আশা প্ৰকাশ কৰে ।

জিলাখনৰ উপায়ুক্তগৰাকীৰ এনে তৎপৰতাৰ বাবে সকলোৱে ভূয়সী প্ৰশংসা কৰিছে ।
 

Your Comments