জাপানৰ অ'ছাকাত 'জী-২০' শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি ভাৰতলৈ উভতি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।উভতি অহাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ বলছ'নাৰ',ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জ'ক' বিড'ড',অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছন আদি ৰাষ্ট্ৰপ্ৰধানৰ সৈতে আলোচনাত মিলিত হয়।
প্ৰতিৰক্ষা আৰু সামুদ্ৰিক সহযোগিতাৰ বিষয়ত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে আলোচনা কৰে মোডীয়ে।ব্রাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে জৈৱিক ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি আৰু প্ৰতিৰক্ষা নিৰ্মাণত সহযোগিতা সন্দৰ্ভত আলোচনা হয় মোডীৰ।
- Log in to post comments
- 11 views