মুম্বাইত মৌচুমীৰ প্ৰথমটো প্ৰৱল বৃষ্টিপাতৰ কৃত্ৰিম বানত জীৱন-যাত্ৰা ব্যহত

rain

ভাৰতৰ আৰ্থিক ৰাজধানী মুম্বাইত আজি মৌচুমীৰ প্ৰথমটো প্ৰৱল বৃষ্টিপাতত দৈনন্দিন জীৱন-যাত্ৰা ব্যহত হৈছে।শুকুৰবাৰে পুৱাৰে পৰা হোৱা প্ৰৱল বৰষুণত মহানগৰখনৰ আন্ধেৰী,নৰিমন পইণ্ট,কান্দিবলী,ধাৰাভী  আদি প্ৰধান এলেকাসমূহত বাট-পথত পানী জমা হৈ কৃত্ৰিম বান আৰম্ভ হোৱাত যাতায়ত যথেষ্ট বাধাগ্ৰস্ত হৈছে। ঠায়ে ঠায়ে যানজঁটৰ সৃষ্টি হৈছে।


উল্লেখ্য যে ২০০৫ চনৰ ২৬-২৭ জুলাইত এনে প্ৰৱল বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা বানপানীত মুম্বাইত ১০০০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল।

Your Comments