সাংবাদিক হত্যা আৰু সাধ্বীক বলাৎকাৰৰ অপৰাধী ভণ্ডগুৰু ৰাম ৰহিমে লাভ নকৰিব সাময়িক মুক্তি

rahim

সাংবাদিক হত্যা আৰু সাধ্বীক বলাৎকাৰৰ বাবে কাৰাৰুদ্ধ 'ডেৰা ছচ্ছা ছৌদা'ৰ প্ৰমুখ গুৰমিত ৰাম ৰহিমে পেৰ'লত কিছু দিনৰ বাবে মুক্তি পোৱাৰ সম্ভাৱনা নাই। ভণ্ডগুৰু ৰাম ৰহিমে কৃষিকর্ম কৰাৰ বাবে ৪২ দিনৰ পেৰ'লৰ আবেদন কৰিছিল যদিও এই আবেদন খাৰিজ হোৱাৰ সম্ভাৱনা আছে।কাৰণ ৰাজহ বিভাগৰ প্ৰতিবেদন অনুসৰি ৰাম ৰহিম স্বীকৃত কৃষক নহয়।ৰাম ৰহিমৰ নামত কোনো কৃষিভূমি নাই।সকলো কৃষিভূমি ডেৰাৰ নামতহে আছে।


উল্লেখ্য যে ভাল ব্যৱহাৰৰ আধাৰত কাৰাগাৰ প্ৰশাসনে ভণ্ডগুৰুজনৰ পেৰলত সন্মতি দিছিল।কিন্তু হাৰিয়ানা আৰক্ষীয়ে এই পেৰ'লৰ বিৰোধিতা কৰিছিল।

Your Comments