কংগ্ৰেছৰ দিনতকৈ বিজেপিৰ দিনত ছিণ্ডিকেট বেছি হৈছে: সদৌ ভাৰত পশুধন ব্যৱসায়ী আৰু পৰিবহনকাৰী সংস্থা

press meet

নিউজ ডেস্ক :

"ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চলা সকলো অবৈধ ছিণ্ডিকেটৰ হতাকৰ্তা আন্তৰাজ‍্যিক সীমান্তত থকা আৰক্ষী চকী কেইখনৰ মূৰব্বী সকল। কাৰণ তেওঁলোকে যদি নিষ্ঠাৰে কাম কৰে তেনেহলে অসমত কোনো ছিণ্ডিকেট ৰ জন্ম হ'ব নোৱাৰে" সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখনি সংবাদমেলত এই দৰে মন্তব্য কৰে সদৌ ভাৰত পশুধন ব্যৱসায়ী আৰু পৰিবহনকাৰী সংস্থাৰ সম্পাদক মুন্না শইকীয়াই। ইফালে একাংশ সংবাদ মাধ্যমত পশুধনৰ ছিণ্ডিকেটৰ লগত মুখ্যমন্ত্ৰীৰ নাম সাঙুৰি প্ৰকাশিত বাতৰি সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদমেল খনত সম্পাদক মুন্না শইকীয়াই কয় যে " যিহেতু মুখ্যমন্ত্ৰীৰ এই  পশুধন ছিণ্ডিকেটৰ সৈতে জড়িত বুলি অভিযোগ উঠিছে গতিকে  ৰাজ্যৰ প্ৰশাসনে এক দৃষ্টান্ত মূলক সিদ্ধান্ত লৈ উচিত তদন্ত কৰিব লাগে' আৰু ছিণ্ডিকেট চক্ৰটোৰ এই ধৃষ্টতাক কঠোৰ হাতেৰে প্ৰত্যুত্তৰ দিব লাগে ।

তেওঁ লগতে কয় যে শ্ৰীৰামপুৰ গেট হৈ দৈনিক ৩০ৰ পৰা ৫০ খন ছিণ্ডিকেটৰ গাড়ী অহা যোৱা কৰি থাকে, তাৰে সৰহ সংখ্যক গাড়ী মেঘালয় হৈ বাংলাদেশ সীমান্তলৈ, আৰু একাংশ গাড়ী ধুবুৰী হৈ গৌৰীপুৰলৈ যায় বুলিও তেওঁ মন্তব্য কৰে। আনহাতে সম্পাদক গৰাকীয়ে পুনৰ অভিযোগ কৰি কয় যে কংগ্ৰেছৰ দিনতকৈ বিজেপিৰ দিনত এই ছিণ্ডিকেট সমূহ এতিয়া বাঢ়ি গৈছে । ইয়াৰ প্ৰমাণ হিচাপে তেওঁ পুনৰ কয় যে শ্ৰীৰামপুৰ গেটৰ পৰা ন মাইল বজাৰ পোৱা লৈকে এখন গাড়ীয়ে দুই লাখ পৰ্যন্ত টকা বাটত দিব লাগা হয়, যি বোৰৰ তথ্য কোনো চৰকাৰী নথিত অন্তৰ্ভুক্ত নহয়। 


আনহাতে এই ছিণ্ডিকেট সমূহৰ লগত ৰাজ্যৰ গৃহ বিভাগ জড়িত হৈ আছে বুলিও তেওঁ আন এক গুৰুতৰ অভিযোগ কৰে। এই বিষয়ত বহু তথ্য সময়ে সময়ে উদঙাই দিয়াৰ পিছতো এক মাত্ৰ ৰাজ্য চৰকাৰৰ একাংশ দুৰ্নীতিগ্রস্থ বিষয়াৰ গাফিলতিৰ বাবেই বৰ্তমানলৈকে এই ছিণ্ডিকেটৰ সৈতে জড়িত থকা লোকক জালত পেলাব পৰা নাই বুলিও মুন্না শইকীয়াই ক্ষোভ ব্যক্ত কৰে। 
       এই ছিণ্ডিকেট চক্ৰৰ সৈতে জড়িত সকলো বিষয়া আৰু অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে অতি সোনকালে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈয়ো লাগে তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল তথা ৰাজ্য চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।

Your Comments