নিউজ ডেস্ক:
কামৰূপ জিলাৰ ছয়গাঁৱৰ আচলপাৰাত ৭ জুনৰ নিশা একাংশ সমাজবিৰোধী লোকে অসমীয়া মহিলা শিল্পীক চূড়ান্ত অশালীন আচৰণ কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে।বকো আৰু শাখাতিৰ পৰা যোৱা দুটা নৃত্য শিল্পীৰ দলৰ মহিলা শিল্পীসকলক সমাজ বিৰোধী তথা অপৰাধী মানসিকতাৰ লোক সকলে উলংগ নৃত্য কৰিবলৈ অশালীন আচৰণ প্ৰদৰ্শনেৰে তীব্র হেঁচা প্ৰয়োগ কৰে।৪২ জনীয়া শিল্পী দলৰ ৭ গৰাকী মহিলা শিল্পীক টনা-আজোৰা কৰি কাপোৰো ফালি পেলাই মানুহৰূপী পশুৰ দলে।ইফালে,দুৰ্বৃত্তৰ দলে শিল্পীসকলৰ গাড়ীত দা-কুঠাৰেৰে আক্ৰমণ কৰি শিল্পীসকলৰ প্ৰাণ ল'বলৈও প্ৰয়াস কৰে।আক্ৰমণত দুগৰাকী শিল্পী গুৰুতৰভাৱে আহত হয়।
অসমতে অসমীয়া মহিলা শিল্পীক উলংগ নৃত্য কৰিবলৈ বল প্ৰয়োগ কৰাৰ ঘটনাত এতিয়া বকো অঞ্চলৰ উপৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে জনগণৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে।উল্লেখ্য যে ছয়গাঁৱৰ আচলপাৰাৰ নিম্ন ৰুচিৰ অপৰাধী মানসিকতাসম্পন্ন সমাজে কোচবিহাৰৰ পৰা উলংগ নৃত্য কৰা শিল্পী দলক মাতি আনি চূড়ান্ত অনুষ্ঠান পূৰ্বতে কেইবাবাৰো অনুষ্ঠিত কৰিছে বুলি জানিব পৰা গৈছে।
এইবাৰ বকোৰ সঞ্জয় চৌধুৰী নামৰ ব্যৱসায়ীজনে প্ৰবঞ্চনাৰে বকো অঞ্চলৰ জনগোষ্ঠীয় দুটা শিল্পী দলক নৃত্য অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে আচলপাৰালৈ প্ৰেৰণ কৰিছিল।তাৰ পিছত আচলপাৰাৰ দুৰ্বৃত্তবোৰে কোচবিহাৰৰ অশ্লীল শিল্পী দলক কৰাৰ দৰে অশালীন আচৰণ কৰে অসমীয়া মহিলা শিল্পীসকলক।
উল্লেখ্য যে আচলপাৰাত বকোৰ শিল্পী দল দুটাক উলংগ নৃত্য কৰা শিল্পী দল বুলি প্ৰচাৰেৰে টিকট বিক্ৰী কৰি অনুষ্ঠানৰ আয়োজন কৰিছিল একাংশ অপৰাধী প্ৰবৃত্তিৰ আয়োজকে।ইফালে,শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আচলপাৰাৰ দুটা আয়োজকক।সঞ্জয় চৌধুৰী নামৰ বিতৰ্কিত ভূমিকা গ্ৰহণ কৰা ব্যক্তিজনকো গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী জনাইছে বকোৰ সচেতন ৰাইজে।
আনহাতে,ছ'চিয়েল মিডিয়াত হাজাৰ হাজাৰ লোকে আচলপাৰাৰ অপৰাধীবোৰৰ বিৰুদ্ধে মন্তব্য আগবঢ়াই নৰাধমকেইটাৰ কঠোৰ শাস্তিৰ দাবী জনাইছে।
- Log in to post comments
- 26 views