নিউজ ডেস্ক :
ক্ৰমাৎ বৃদ্ধি পাইছে গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা। এইবাৰ গুৱাহাটী বিশ্ববিদ্যালৰ দুগৰাকী ছাত্ৰী বজাৰ কৰিবলৈ আহি মটৰ চাইকেলত অহা দুৰ্বৃত্তৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হ'ব লগা হ'ল। ঘটনাৰ বিবৰণী অনুসৰি বিশ্ববিদ্যালয় খনৰ দুগৰাকী ছাত্ৰী শনিবাৰে সন্ধিয়া বিশ্ববিদ্যালয়ৰ সমীপৰে কৌলাশপুৰৰ পেয়িং গেষ্টৰ পৰা বজাৰ কৰিবলৈ বুলি লংকেশ্বৰ বজাৰলৈ আহিছিল।বজাৰ কৰি উভটি যাওঁতে সময় তেতিয়া সন্ধিয়া প্ৰায় ৮ বাজিছিল। ৰাজপথত তেতিয়া মানুহো যথেষ্ট আছিল।তেনেতে ছাত্ৰী দুগৰাকীক লক্ষ্য কৰি সন্মুখৰ ফালৰ পৰা এখন মটৰ চাইকেলত হেলমেট পৰিহিত দুই যুৱক তেওঁলোকৰ ফালে আগবাঢ়ি আহে। মটৰ চাইকেল আৰোহি দুই দুৰ্বৃত্তই ছোৱালী দুগৰাকীৰ ওচৰত মটৰ চাইকেলখন অলপ ৰখাই এগৰাকী ছাত্ৰীৰ শৰীৰত স্পৰ্শ কৰি মটৰ চাইকেল খনৰ গতি বৃদ্ধি কৰি তৎমুহূৰ্ততে উক্ত স্থানৰ পৰা পলায়ন কৰে।ভুক্তভোগী ছাত্ৰীগৰাকীৰ লগত যোৱা বান্ধৱী গৰাকীয়ে ঘটনাৰ পিছতেই সামাজিক মাধ্যমত দিয়া বৰ্ণনা অনুসৰি তেওঁলোকে দুৰ্বৃত্ত দুটাক খেদি গৈ ধৰিবলৈ সক্ষম নহলেও দুৰ্বৃত্তদ্বয়ে ব্যৱহাৰ কৰা মটৰচাইকেলখনৰ শেষৰ চাৰিটা নম্বৰ মনত ৰাখিবলৈ সক্ষম হ'ল ভুক্তভোগী ছাত্ৰীদুগৰাকীয়ে।ছাত্ৰী দুগৰাকীয়ে ব্যক্ত কৰা অনুসৰি শেষৰ ফালে '০৭৭৩' নম্বৰ থকা মটৰ চাইকেল খনতে আহিছিল দুৰ্বৃত্ত দুটা। ইফালে ঘটনাৰ পিছতেই সমগ্ৰ বিষটো ভুক্তভোগী ছাত্ৰী গৰাকীৰ বান্ধৱীয়ে ফেচবুকৰ ৱালত বৰ্ণনা কৰিছে।
- Log in to post comments
- 39 views